বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো
শুকুবাৰে পুৱা গুপ্তকাশী বিশ্বনাথ ঘাটৰ ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলীয়ে মাছ মাৰিবলৈ গৈ নদীত উটি গৈ থকা অৱস্থাত উদ্ধাৰ কৰে বেগটো । বেগটোৰ পৰা উদ্ধাৰ অধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, মেখেলা চাদৰ আৰু এটা পুৰুষৰ চাৰ্ট আছিল বেগটোৰ ভিতৰত ।
উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি
ৰাজ্যৰ কৰ্মচাৰী(Employee) ৰদ-বদল বা বদলিৰ কৰ্তৃত্ব উপায়ুক্তসকলক অৰ্পণ ৰাজ্যিক কেবিনেটৰ ৷ অৱশ্যে এই বদলি একেখন জিলাৰ ভিতৰতে হ’ব লাগিব বুলি কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জানিবলৈ দিয়ে ৷
মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈছে : ৰিপুন বৰা
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী চৰকাৰে বিগত ৭ বছৰত এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গঢ় দিয়া নাই । বৰং ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দিনত স্থাপন কৰা ২৩টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত গটাই দিলে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ ।
চৰকাৰী বাসগৃহ লাভ কৰিও নিৰাশাগ্ৰস্ত আশা মাঝি !
ৰঙাপৰাৰ আমতল গাঁৱৰ নিৱাসী আশা মাঝিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা(Pradhan Mantri Awas Yojna) আঁচনিৰ অধীনত লাভ কৰা চৰকাৰী বাসগৃহটো আজি পৰ্যন্ত আছে অসম্পূৰ্ণ অৱস্থাত ৷ বাসগৃহটো নিৰ্মাণৰ বাবে আৱণ্টন হোৱা ধনক লৈ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম : সৰ্বানন্দ সোণোৱাল
"৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য । নিমাতীঘাট আৰু কমলাবাৰীঘাটত বাকী থকা আন্তঃগাঁঠনিৰ কাম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি শীঘ্ৰেই সম্পূৰ্ণ কৰিব । ভৱিষ্যতে যাতে ঘাটত ফেৰী ৰখাৰ বাবে অসুবিধা নহয়, তাৰ বাবে ব্যৱস্থা কৰা হ'ব" ।