অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি - সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 5 PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Aug 13, 2021, 5:06 PM IST

আন্তঃৰাজ্যিক সীমা বিবাদক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিবৃতি

বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা বিবাদ সন্দৰ্ভত কেতবোৰ নতুন তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাগালেণ্ডৰ সৈতে অসমৰ সীমা সমস্যা যথেষ্ট জটিল বুলি সদনত প্ৰকাশ ড৹ শৰ্মাৰ ৷

পুনৰ বিতৰ্কত নগাঁৱৰ ডিঅ’ কেয়াৰ হাস্পতাল

পুনৰ বিতৰ্কত নগাঁৱৰ ডিঅ’ কেয়াৰ হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ । ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি চিকিৎসালয়খনত। ভুল চিকিৎসা প্ৰদানৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ ।

নতুন ৰূপ পালে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহই

ওড়িশাৰ কেইবাজনো ব্যক্তিৰ বিশেষ তৎপৰতা তথা অসম চৰকাৰে বাসগৃহটো সংৰক্ষণৰ বাবে দেখুওৱা আগ্রহৰ বাবেই ৰসৰাজৰ স্মৃতি এতিয়া সংৰক্ষণৰ পথত । প্ৰথম পর্যায়ত আটকধুনীয়াকৈ সজাই তোলা হৈছে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ লক্ষ্মীনাথ বেজবৰুৱাৰ প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষ ।

ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

চিকিৎসা উপকেন্দ্ৰ আছে কিন্তু চিকিৎসক নাই ৷ পশু চিকিৎসকৰ অভাৱত অকালতে মৰিছে গৰু-ছাগলীকে ধৰি বহু পশুধন ৷ যাৰ বাবে পশু পালন কৰিবলৈ এৰিছে ৰহাৰ এটা বিশেষ অঞ্চলৰ ৰাইজে ৷

নাই পানী ! চেলাইনৰ পানীৰে হাত ধুইছে চিকিৎসকে...

পানীৰ অভাৱত চিকিৎসকে চেলাইনৰ পানীৰে হাত ধুবলগীয়া হৈছে নাজিৰা চৰকাৰী সাহাৰ্য প্ৰাপ্ত চিকিৎসালয়(Nazira Sub-Sidiary Health Centre)ত ৷ চিকিৎসালয়খনত পানী যোগান(Water Supply) ধৰা অ’এনজিচি(ONGC)য়ে কোনো জাননী নিদিয়াকৈ বন্ধ কৰিলে পানী যোগান ব্যৱস্থা ৷ যাৰ ফলস্বৰূপে ৰোগী আৰু চিকিৎসকৰ মাজত লাগিছে হাহাকাৰ ৷

বানাক্ৰান্ত কলংপাৰবাসী, চাৰিটা বছৰে নাপালে সাহাৰ্য

কলিয়াবৰৰ কলংপাৰৰ সংহাৰী বানে (Flood) অতিক্ৰম কৰিলে চাৰিটা বছৰ ৷ কিন্তু আজিলৈকে বান সাহাৰ্য নাপালে কলংপৰীয়া ৰাইজে ৷ চৰকাৰৰ প্ৰতিশ্ৰুতি হৈ থাকিল কেৱল প্ৰতিশ্ৰুতি ৷

চৰাইদেউৰ সমীপৱৰ্তী নাগালেণ্ডত গ্ৰেনেড বিস্ফোৰণ

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত গ্ৰেনেড বিস্ফোৰণ(Grenade Blast) ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণ ৷ বিস্ফোৰণৰ আঁৰত নগা উগ্ৰপন্থী সংগঠন NSCN(KYA) জড়িত থকাৰ সন্দেহ ৷

আৰক্ষীৰ জালত ড্ৰাগছসহ নগা দম্পত্তি

স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ 6 কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ বোকাজান আৰক্ষীৰ জালত নগা দম্পত্তি ৷

জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই সংঘৰ্ষত দুজন সেনা জোৱানৰ লগতে দুজন সাধাৰণ লোক গুৰুতৰভাৱে আহত হৈছে ৷

পুনেৰ পৰা বিমানযোগে অসমলৈ প্ৰেৰণ 64টা বিলুপ্তপ্ৰায় কাছ

পুনে বন বিভাগ(Pune Forest Department)ৰ এক অভিনৱ প্ৰচেষ্টা । চোৰাংভাৱে ৰখা 64 টা প্ৰজাতিৰ অসমৰ কাছ উদ্ধাৰ কৰি পুনেৰ পৰা অসমলৈ বিমানযোগে প্ৰেৰণ কৰিছে পুনে বন বিভাগে । বিৰল প্ৰজাতিৰ কাছসমূহ ঘৰুৱা উদ্দেশ্যৰ বাবে অসমৰ পৰা পুনেলৈ অবৈধভাৱে সৰবৰাহ কৰিছিল চোৰাং ব্যৱসায়ীয়ে ৷

ABOUT THE AUTHOR

...view details