অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া
অইল ইণ্ডিয়া লিমিটেডে চাকৰিৰ বাবে জাৰি কৰা মকৰলত অসমৰ চাৰি জিলাৰ লগতে অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীসকলক প্ৰাধান্য দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে আলফা(স্বা) (ULFA) এ ৷
অসম আৰক্ষীক গুলিয়াই হত্যাৰ ভাবুকি আগ্ৰাসী মিজোৰ
হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border)ত উত্তপ্ত পৰিস্থিতি চলি থকা সময়ত এইবাৰ কাছাৰতো উত্তপ্ত হৈ উঠিছে অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) । অসমৰ মাটিতে অসম আৰক্ষী (Assam Police) তথা বন বিভাগৰ লোকক মিজো আৰক্ষীয়ে গুলিয়াই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে ।
স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক
গাড়ী চুৰি চক্ৰৰ লগত জড়িত পুত্ৰৰ হত্যাকাৰীক আটক কৰিলে এগৰাকী সাহসী পিতৃয়ে ৷ পুত্ৰ হত্যাকাৰীৰ বিৰুদ্ধে দুৰ্ভগীয়া বৃদ্ধ পিতৃয়ে ৰাজ্যৰ চুকে কোণে এটাৰ পিছত এটাকৈ চলাই গৈছিল অভিযান ৷ আৰক্ষীৰ গাফিলতিৰ বাবে ভুক্তভোগী পৰিয়ালে অপৰাধীৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান ৷
বিছনাতেই দিন কটাইছে ৰঙিয়াৰ মুক্তি যুজাঁৰু কৃষ্ণ লহকৰে
মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে ৷ অসুস্থ হৈ আছে ৰঙিয়াৰ প্ৰবীণ মুক্তি যুঁজাৰু গৰাকী । ছমাহৰ পৰা শয্যাশায়ী কৃষ্ণ লহকৰ। মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে।
পঞ্চায়ত সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে পূৰ্বতেও দুৰ্নীতিৰ বহুকেইটা অভিযোগ উত্থাপন হৈছিল ৷ কেৱল ধন আত্মসাৎ কৰাই নহয়, নিজৰ খেয়ালখুচি মতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।