মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই
সম্পৰ্ক মধুৰ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ মাজত ! শেহতীয়াকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখৰ চেক প্ৰদান কৰিছে বিপিএফ দলে । লক্ষণীয়ভাৱে মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নাথাকিল অন্যতম অংশীদাৰ বিপিএফ ।
মহানগৰীৰ ক'ত ক'ত আছে ভূমিস্খলনৰ বিপদজনক স্থান ?
মহানগৰীৰ পাহাৰ অঞ্চলত জধে-মধে কৰা খনন, ব্যাপক হাৰত বসতি স্থাপন, সু-পৰিকল্পনাৰ অভাৱ, বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে । বিপদজনক স্থান চিনাক্ত কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে ।
বোকাজানত বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু গাঞ্জা জব্দ
একেদিনাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২০.৭৬০ কি:গ্ৰা: গাঞ্জাৰ লগতে ৩৫ গ্ৰাম হেৰ'ইন । বোকাজানৰ লাহৰিজান নাকা তালাচীত জব্দ হয় ২০.৭৬০ গ্ৰাম গাঞ্জা । আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বোকাজানৰ গান্ধীবস্তিত উদ্ধাৰ কৰে ৩৫ গ্ৰাম হিৰ'ইন (Heroin)।
বিলাসীপাৰাত নৈপৰীয়া লোকৰ কাষত ছামছুল হুদা
যন্ত্ৰচালিত নাৱেৰে চাপৰৰ বিভিন্ন গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰিলে পূৱ-বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই ৷ চাপৰৰ ধীৰেৰচৰ-তাৰাংগাপুৰ,পুঠিমাৰী অঞ্চলৰ চম্পাৱতী নৈৰ গৰাখহনীয়া আৰু নৈপৰীয়া ৰাইজৰ লগত মত-বিনিময় কৰে বিধায়ক গৰাকীয়ে।
সংকটৰ গৰাহত ঐতিহাসিক ৰাঙলু গড়
আহোমৰ শাসন কালত সামৰিক সুৰক্ষাৰ দিশেৰে অতিকৈ গুৰুত্বপূৰ্ণ কলিয়াবৰৰ আন বহুকেইটা গড় এতিয়া অস্তিত্বৰ সংকটত । এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ লগতে প্ৰত্নতত্ব বিভাগে (Archaeology department) উপযুক্ত পৰিকল্পনাৰে ইয়াক সংৰক্ষণৰ ব্যৱস্থা নকৰিলে কলিয়াবৰৰ এই ঐতিহাসিক ৰাঙলু গড় (Rangali Garh)হৈ পৰিব মাথো এক ইতিহাস ৷