অসম

assam

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি - top 10 news at 5 pm

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 news at 5 pm
বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Nov 15, 2020, 5:06 PM IST

নগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !

প্ৰস্তাৱিত নগা শান্তি চুক্তি ৰূপায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যিমানেই কামকাজ আগবঢ়াই আনিছে সিমানেই নগালেণ্ড আৰু মনিপুৰৰ পৰিস্থিতি অশান্ত হৈ পৰাৰ আশংকা স্পষ্ট হৈ উঠিছে । এনে পৰিস্থিতিৰ আশংকা কৰিয়ে নগা আৰু মনিপুৰী জনতাৰ লগত প্ৰত্যক্ষভাবে কথা পতাৰ বাবে চলিত নবেম্বৰ মাহৰ শেষৰ সপ্তাহত এই দুই সংঘাত জৰ্জৰ ৰাজ্য ভ্ৰমন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

বিগ ব্ৰেকিং : অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ জুই

চলিত বৰ্ষৰ 27 মে’ত সংঘটিত হৈছিল বাঘজান কাণ্ড ৷ সেই সময়ৰ পৰা সুদীৰ্ঘ 8 মাহে জ্বলি আছিল বাঘজানস্থিত বি জি আৰৰ 5 নং তৈলখাদৰ জুই ৷ অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ অগ্নিকাণ্ড ।

বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

সৌমিত্ৰ চেটাৰ্জী আৰু নাই ৷ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱীন অভিনেতা গৰাকীয়ে ৷

এক জঘন্য ঘটনাৰ পৰা ৰক্ষা পৰিল শিৱসাগৰৰ পাঁচ শিশু

শিৱসাগৰত সভ্য সমাজক লজ্জিত কৰা ঘটনা ৷ বেজৰ পাকচক্ৰত পৰি বলি দিবলৈ যো-জা চলোৱা বুলি সন্দেহ কৰা ৫ দেৱশিশুক উদ্ধাৰ ৷ ৰাইজে ধৰি আৰক্ষীক গটালে পিতৃসহ ৩ অভিযুক্তক ৷

শ্বহীদ জোৱান হৰধন চন্দ্ৰ ৰায়ৰ পৰিয়াললৈ দুই লাখ টকা প্ৰদান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

দেওবাৰে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ বাসগৃহত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে শ্বহীদ পৰিয়ালটোলৈ নিজাববীয়াকৈ দুই লাখ টকা আগবঢ়ায় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ শ্বহীদ জোৱান গৰাকীৰ পৰিয়ালটোৰ মাজত উপস্থিত হৈ আবেগিক হৈ পৰে মন্ত্ৰী ব্ৰহ্ম ৷

বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ লেখিকা শিখা শৰ্মা

বিজেপিৰ নীতিসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লেখিকা শিখা শৰ্মা ৷ সামাজিক মাধ্যমত সততে চৰকাৰৰ ভুল নীতিক আঙুলিয়াই দিয়া লেখিকাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ক্ষোভ ৷

দীপাৱলীৰ নিশা ডিব্ৰুগড়ত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এজন

ডিব্ৰুগড় চহৰৰ কেশৱ চন্দ্ৰ গগৈ পথৰ ৰাণিংগেটত AS-06-K-9074 আৰু AS-23-W-0160 নম্বৰৰ দুখনকৈ বাইকৰে হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ।

মণ্ডলা তীৰ্থৰ বাবে মুকলি সবৰীমালা আয়াপ্পা মন্দিৰ

মন্দিৰৰ নৱনিৰ্বাচিত পুৰোহিত মেলসাথি ভি কে জয়ৰাজ পাটি আৰু মালিককাপুৰমৰ এম এন ৰাজকুমাৰে সন্ধিয়া মন্দিৰত আনুষ্ঠানিকভাৱে পূজা আৰম্ভ কৰিব ।

প্ৰসংগ লাফিকুল ইছলাম হত্যাকাণ্ড : ন্যায়ৰ আশাত 3 বছৰ অতিক্ৰম

লাফিকুল ইছলামৰ হত্যাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি এ বি এমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে । কোকৰাঝাৰ জিলাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই মন্তব্য ৷

মাৰ্কিন বজাৰৰ পৰা ঔষধ ঘূৰাই ল’লে ভাৰতীয় প্ৰতিষ্ঠানে

মাৰ্কিন ফুড আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, মাৰ্কচাৰ্চ ফাৰ্মাই ডায়বেটিচ ঔষধ মেটফৰ্মিন হাইড্ৰ ক্ল’ৰাইড টেবলেটৰ 500 মিলিগ্ৰাম আৰু 750 মিলিগ্ৰামৰ প্ৰায় ছয় লাখ বটল পুনৰ মাৰ্কিন বজাৰৰ পৰা ঘূৰাই লয় ৷

ABOUT THE AUTHOR

...view details