অসম

assam

ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 NEWS at 3pm

3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : May 22, 2021, 3:07 PM IST

কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?

আজিৰ পৰা প্ৰায় ডেৰ বছৰৰ আগতেই এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী আই‌পি‌এছ বিষয়াক শেহতীয়াকৈ বিটিআৰৰ চিৰাং জিলাত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷‌‌

সোঁ-শৰীৰে স্ব-গৃহলৈ ৰিতুল শইকীয়া

প্ৰায় এটা মাহৰ অন্তত স্ব-ভূমিত উপস্থিত হৈছে অপহৃত ৰিতুল শইকীয়া ৷ শনিবাৰে পুৱা প্ৰায় 7 বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক ৷ বহু অপেক্ষাৰ অন্তত ঘৰৰ অভিমুখে যাত্ৰা কৰিছে ৰিতুলে ৷

অসমলৈ গৌৰৱ কঢ়িয়ালে ড৹ জুবলী পুৰকায়স্থই

এন্টি-ক'ভিড ড্ৰাগ '2-DG' ৰ বিকাশ প্ৰক্ৰিয়াত জড়িত অসমৰ জীয়ৰী ড৹ জুবলী পুৰকায়স্থ ৷ কৰিমগঞ্জ জিলাৰ মহিশাসনৰ বাসিন্দা ড৹ জুবলী পুৰকায়স্থৰ এই অৰিহনাত গৌৰাম্বিত সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী ৷ '2-DG' ৰ বিকাশ প্ৰক্ৰিয়াত জড়িত ডিআৰডিঅ'ৰ দলৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈ আছিল অসম জীয়ৰী ড৹ জুবলী পুৰকায়স্থ ৷

ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ

অসমত ক'ভিডত আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশ পৰা ৫.৮৮ শতাংশলৈ হ্ৰাস ৷ মৃত্যৰ হাৰ ০.৫০ শতাংশৰ পৰা ০.৭২ শতাংশলৈ বৃদ্ধি ৷ আৰোগ্যৰ হাৰ ৮৪.২২ শতাংশ ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৩,১৫৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন ৷ ইয়াৰে ৬,০৬৬ গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ৷

শনিবাৰে পঞ্চদশ বিধানসভা অধিবেশনত প্ৰথম ভাষণ দিব ৰাজ্যপালে

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ আজি সদনত ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণ প্ৰদান কৰিব । নৱগঠিত পঞ্চদশ বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিধায়কসকলক উদ্দেশ্যি সদনত প্ৰথমটো ভাষণ আগবঢ়াব ৰাজ্যপাল গৰাকীয়ে ।

ত্ৰিপুৰাত পোহৰলৈ আহিছে ব্লেক ফাংগাছৰ প্ৰথমটো ঘটনা

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ত্ৰিপুৰাত প্ৰথমটো ব্লেক ফাংগাছৰ ঘটনা । অসমৰ পিছত এইবাৰ ত্ৰিপুৰাত ব্লেক ফাংগাছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী ধৰা পৰিছে । সচিবালয়ত এক সংবাদমেলত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে ব্লেক ফাংগাছ সংক্ৰমণৰ কথা নিশ্চিত কৰে । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে এগৰাকী ৬৮ বছৰীয়া মহিলাক এই ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । মহিলাগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলিও জনালে মন্ত্ৰীগৰাকীয়ে ।

আগৰতলা প্ৰেছক্লাবত টীকাকৰণ শিবিৰ

ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত সংবাদ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীৰ আয়োজন কৰে চৰকাৰে । য'ত সাংবাদিক, ফটো সাংবাদিককে ধৰি এই সেৱাৰ লগত জড়িত প্ৰায় ৭৬৬ গৰাকীয়ে প্ৰতিষেধক গ্ৰহণ কৰে ।

শিক্ষামন্ত্ৰীক গৰিহণা ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ

শিক্ষামন্ত্ৰীয়ে সংগীতৰ শিক্ষক সকলক লৈ কৰা এক মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভা । শিক্ষামন্ত্ৰী গৰাকীক ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ।

এজাক বৰষুণতে খহি পৰিল ঢেকীয়াখোৱা নামঘৰৰ পকী দেৱাল

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা "অসম দৰ্শন" আঁচনিৰ কাষতে দিহিং নদীৰ খহনীয়া ৰোধৰ বাবে এক কোটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে ৷ কিন্তু এজাক বৰষুণতে কোটি টকীয়া এই বেৰখন ভাগি পৰে ।

বিধায়িনী দলৰ কোষাধ্যক্ষৰ দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ সমষ্টিবাসীলৈ সুখবৰ । পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোতেই মৰাণ সমষ্টিবাসীয়ে লাভ কৰিলে এক সুখবৰ । বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ।

ABOUT THE AUTHOR

...view details