কৰ'ণাত অনাথ হোৱা দুই শিশুৰ কাষত ৰামকৃষ্ণ ঘোষ
কৰ'ণাৰ দ্বিতীয় ঢৌৱে এফালৰ পৰা কোঙা কৰি গ'ল মানৱ জাতিক ৷ খাদ্য-বস্ত্ৰৰ অভাৱৰ লগতে আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে অজস্ৰজনে ৷ অকালতে আপোনজনক হেৰুৱাই অনাথ হ'ল বিশ্বৰ বহু শিশু ৷ তেনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকা পানচালিত ৷ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত জোৱানৰ আৰু পত্নীৰ মৃত্যু পাচতে অনাথ হৈ পৰা দুই সন্তানৰ কাষত থিয় দিলে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ৷
ফিল'বাৰীত আৰক্ষী-আবকাৰী বিভাগৰ চুলাই মদ বিৰোধী অভিযান
অভিযানকালত গাওঁখনৰ 30 ঘৰত প্ৰায় ২২ হাজাৰ লিটাৰ চুলাই মদৰ উপৰিও চুলাই প্ৰস্তুত কৰা সা-সামগ্ৰী অভিযানকাৰী দলটোৱে ধ্বংস কৰে । ইফালে, অভিযানকাৰী দলটোৰ সৈতে স্থানীয় একাংশ মহিলাৰ বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হয় ।
বোকাজানত বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু গাঞ্জা জব্দ
একেদিনাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২০.৭৬০ কি:গ্ৰা: গাঞ্জাৰ লগতে ৩৫ গ্ৰাম হেৰ'ইন । বোকাজানৰ লাহৰিজান নাকা তালাচীত জব্দ হয় ২০.৭৬০ গ্ৰাম গাঞ্জা । আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বোকাজানৰ গান্ধীবস্তিত উদ্ধাৰ কৰে ৩৫ গ্ৰাম হিৰ'ইন (Heroin)।
আগৰতলা ৰে’ল ষ্টেচনত উদ্ধাৰ অসমৰ ৫ বছৰীয়া কিশোৰ
অভিজিত বাল্মিকী নামৰ পাঁচ বছৰীয়া কিশোৰজনক শনিবাৰে সন্ধিয়া আগৰতলা ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, কিশোৰজন অসমৰ বদৰপুৰ অঞ্চলৰ আৰু সন্দেহজনকভাৱে শিলচৰ-আগৰতলা এক্সপ্ৰেছৰ জৰিয়তে আগৰতলা ৰে'ল ষ্টেচনত উপস্থিত হৈছিল কিশোৰজন । কিশোৰজনক উদ্ধাৰ কৰি আৰক্ষীয়ে শিশুগৃহলৈ প্ৰেৰণ কৰিছে ।
পানী যোগান আঁচনি থকা সত্বেও ডিব্ৰুগড়ত বৰষুণৰ পানীৰে কৃষকৰ খেতি
কৃষি বিভাগে পথাৰত পানী যোগান ধৰাৰ কথা কৈ থকা সময়ত ডিব্ৰুগড় জিলাৰ বহু কৃষি প্ৰধান গাঁৱক সামৰি থকা এই প্ৰকল্পটোৰ পৰা আজি পৰ্যন্ত কৃষকে নাপালে এটুপিও পানী । ফলত পানী যোগানৰ বাবে নিৰ্মাণ কৰা পকী নলাসমূহ এতিয়া হাবি জংঘলেৰে ভৰি পৰাৰ লগতে ডাষ্টবিনলৈ ৰূপান্তৰ হৈছে ।