অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Oct 7, 2021, 3:08 PM IST

৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

মধ্যপ্ৰদেশ আৰক্ষীৰ জালত এজন বিশেষ অপৰাধী । এজনী দুজনী নহয় ৭৫ গৰাকী যুৱতীক বিয়া পাতিছে অপৰাধী মুনিৰ ওৰফে মুনিৰুলে । পিছে ইমান গৰাকী যুৱতীক বিয়া পতাৰ উদ্দেশ্য কি আছিল মুনিৰৰ ?

তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

তামুলপুৰত বুধবাৰে সন্ধিয়া অস্ত্ৰসহ 44 টাকৈ চোৰাং চিকাৰী(Poacher)ৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ(Surrender) ৷ তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পৰা অহা চোৰাং চিকাৰীকেইটাই বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, তামুলপুৰ মহকুমা আৰক্ষী বিষয়াসহ বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰে ৷

থাওৰাত মনোনয়ন দাখিলৰ বাবে সাজু ধৈৰ্য্য কোঁৱৰ আৰু কৃষ্ণ গগৈ

উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৫ টাকৈ সমষ্টিত তীব্ৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । ব্যতিক্ৰম নহয় থাওৰা সমষ্টিও । ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি দলৰ হৈ অধিবক্তা কৃষ্ণ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব ।

উত্তৰ প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি : বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ৯ জনৰ মৃত্যু

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ(Uttar Pradesh)ৰ বাৰাবাঁকীত ভয়াৱহ দুৰ্ঘটনা(Accident)ই প্ৰাণ কাঢ়িলে ৯ জনকৈ লোকৰ । এখন ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হয় এই লোককেইজনৰ । এই দুৰ্ঘটনাত ২৭ জনৰো অধিক লোক আহত হয় ।

কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে অংগীকাৰৱদ্ধ হ'ল KPLT ৰ যুদ্ধ বিৰতি গোট

বৰজুৰি কাৰ্বি গাঁৱত বুধবাৰে অনুষ্ঠিত হয় আত্মসমৰ্পণকাৰী কাৰ্বি উগ্ৰপন্থী কেপিএলটি গোটৰ এখন বিশেষ সভা ৷ এই সভাত আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে কাৰ্বি আংলঙৰ সামগ্ৰিক উন্নয়ন তথা সমাজ জীৱনত জড়িত হৈ সেৱা আগবঢ়াবলৈ অংগীকাৰবদ্ধ হয় ৷

উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি

উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাই ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় দিছে বহু নেতা আৰু দল সংগঠনে । ইফালে বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত গঠিত এক বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ।

মমতা বেনাৰ্জীসহ পশ্চিমবংগৰ তিনি নৱ-নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

পশ্চিমবংগৰ উপ-নিৰ্বাচনত শেহতীয়াকৈ নিৰ্বাচিত হোৱা তিনিগৰাকী বিধায়কে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব । ৰাজ্যপালৰ উপস্থিতিত শপত ল'ব মমতা বেনাৰ্জীসহ তিনিওগৰাকী বিধায়কে ।

আকৌ ক'ত ওলাল প্লাষ্টিকৰ চাউল ?

বঙাইগাঁও জিলাৰ মাণিকপুৰ সমবায় সমিতিৰ অন্তৰ্গত ডোমপাৰা পুণ্ডিবাৰীত চৰকাৰে যোগান ধৰা খাদ্য সুৰক্ষাৰ চাউলত প্লাষ্টিকৰ চাউল ওলোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মাণিকপুৰ সমবায় সমিতিৰ পৰা ডোমপাৰা সুলভ মুল্যৰ দোকানী সৰ্বেশ্বৰ চৌধুৰীয়ে হিতাধিকাৰীৰ বাবে লৈ যোৱা চাউলবোৰত ওলাইছে প্লাষ্টিকৰ চাউল ।

চিকিৎসালয়ৰ কোঠাত ওলাইছে দমে দমে ম্যাদ উকলা দৰৱ !

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়(Kushal Konwar Civil Hospital)ত দমে দমে ম্যাদ উকলি যোৱা দৰৱ । কোনো সামগ্ৰীৰ গুদাম নহয়, চিকিৎসালয়খনত এয়া দমে দমে পৰি ৰোৱা ম্যাদ উকলি যোৱা দৰৱ ৷

আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব ক্ৰিকেটাৰ যুৱৰাজ সিং

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সন্মুখত আন এক প্ৰত্যাহ্বান । আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে যুৱৰাজ সিঙক । আদালতে দিছে এই নিৰ্দেশনা । কিহৰ বাবে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশনা ?

ABOUT THE AUTHOR

...view details