নলবাৰীত তথাকথিত সাংবাদিককে ধৰি আটক দহটাকৈ ভূ-মাফিয়া
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান ৷ সোমবাৰে নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিলে এই অবৈধ কাৰ্যত জড়িত এজনৰ পিছত সিজন লোকক ৷ আৰক্ষীয়ে প্ৰায় 100 জনীয়া ভূ-মাফিয়াৰ তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰে অভিযানটো ৷ এশজনীয়া তালিকাখনৰ প্ৰায় দহগৰাকী ভিন্ন পেছাৰ ব্যক্তি ধৰা পৰে আৰক্ষীৰ হাতত ৷
অপাৰেচন মাটিৰ দালাল !
তৎপৰতা বাঢ়িছে অসম আৰক্ষীৰ ৷ ড্ৰাগছৰ পাচত আৰক্ষীৰ এইবাৰ শেন চকু মাটিৰ দালালৰ ওপৰত ৷ এটা নিশাতে ৰাজ্যত গ্ৰেপ্তাৰ চাৰিশৰো অধিক মাটিৰ দালালক ৷
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল
মনোনয়ন দাখিলৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োও উপস্থিত আছিল ।
কামৰূপ জিলা আৰক্ষীৰ জালত মাটিৰ দালাল
ড্ৰাগছৰ পিছত এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ বন্ধ হোৱাৰ কথা ঘোষণা কৰাৰ পাছতেই অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে এই অভিযান । সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে কামৰূপ জিলাত আৰক্ষীয়ে জোৰদাৰ অভিযান চলায় ।
বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰে দীপৰ বিলক প্ৰদূষিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ
মহানগৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপন সাম্প্ৰতিক সময়ৰ এক জটিল সমস্যাৰূপে ঠিয় হৈছে ৷ বিগত কিছুদিনৰ পৰিস্থিতি লক্ষ্য কৰিলে মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ প্ৰতিবাদ অব্যাহত থকা দেখা যায় ৷ ইয়াৰ পিছতে আকৌ প্ৰতিবাদ আৰম্ভ হৈছে বৰগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনক কেন্দ্ৰ কৰি ৷