অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?
বাঘজান BGN 5 নং তৈলখাদত সংঘটিত অভিশপ্ত অগ্নিকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পূৰ্ণগতিত চলি আছে বাঘজানত কেইবাটাও অইল খাদৰ কাম-কাজ । পক্ষী বিচৰণস্থলী এছিয়া বিখ্যাত মাগুৰি মতাপুং বিলৰ পাৰতে বহিছে Foresight S-103 নামৰ এটা ৰিগ । নিমাত বিভিন্ন দল-সংগঠন, প্ৰকৃতি কৰ্মী ৷
ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰকেট লাঞ্চাৰ উদ্ধাৰ
পূজাৰ বতৰ আৰম্ভ হোৱাৰ মাজতে ডিব্ৰুগড়ত উদ্ধাৰ হৈছে বিস্ফোৰক । ডিব্ৰুগড়-বকুল সংযোগী বাইপাছৰ কাষৰ জগন্নাথ মন্দিৰৰ পৰা কিছু নিলগত বকপাৰা নামৰ ঠাইত উদ্ধাৰ এটা ৰকেট লাঞ্চাৰ । জানিব পৰা মতে, দেওবাৰে পুৱা স্থানীয় এজন ব্যক্তিয়ে গৰু এৰাল দিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে এই বিস্ফোৰকবিধ ।
নিলয় দত্তৰ মৃত্যুত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ শোক প্ৰকাশ
বিশিষ্ট অধিবক্তা নিলয় দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দেওবাৰে নলবাৰীত উপস্থিত হৈ বিশিষ্ট আইনজ্ঞগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১
চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা অথবা আগন্তুক বৰ্ষৰ ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব ১৫ সংখ্য়ক CTET পৰীক্ষা ৷ ক'ত আৰু কেনেকৈ এই পৰীক্ষাৰ বাবে কৰিব আবেদন ?
বঢ়মপুৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন
ভোগেশ্বৰী ফুকননী, ঠগী সুত, বলো সুত আৰু লক্ষী হাজৰিকা 1942 ৰ গণ আন্দোলনত শ্বহীদ হৈছিল ৷ চাৰিওগৰাকী শ্বহীদৰ স্মৃতিত নগাঁৱৰ বিভিন্ন স্থানত শনিবাৰে শ্বহীদ দিৱস পালন কৰা হয় ৷