সুস্মিতা হতাশগ্ৰস্ত : ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া
অৱশেষত দলত্যাগ কৰিলে বৰাকৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ৷ নেত্ৰীগৰাকীৰ দলত্যাগক লৈ তোলপাৰ লাগিছে কংগ্ৰেছত ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কি কয় ?
মৃত্যু তিথিত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি
আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ তৃতীয় মৃত্যু তিথি ৷ সেই উপলক্ষে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে বিজেপিৰ নেতাসকলে ৷
প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ, শীঘ্ৰেই তৃণমূললৈ
কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ এইবাৰ দল ত্যাগ কৰিলে শিলচৰৰ সক্ৰিয় নেত্ৰী সুস্মিতা দেৱে ৷ টুইটাৰ একাউণ্টত Bio সলনি কৰাৰ পাচতে দেৱে দল ত্যাগ কৰাক লৈ চলিছিল বহু চৰ্চা ৷ প্ৰাপ্ত তথ্য অনুসৰি দলৰ নেত্ৰী ছোনিয়া গান্ধীলৈ দেৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷ পদত্যাগী নেত্ৰীগৰাকীৰ সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ সম্ভাৱনা ৷
ৰঙাপৰাৰ উত্তপ্ত পৰিস্থিতি :পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলি
ৰঙাপৰাৰ বৰজুলিত এগৰাকী কিশোৰী সন্ধানহীনক লৈ উত্তপ্ত পৰিস্থিতি ৷ শূণ্যলৈ গুলি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে স্থানীয় ৰাইজে ৷
ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ : পিংকীলৈ ৰাজ্য চৰকাৰ নিযুক্তি পত্ৰ
ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাৰ ২নং লাইনৰ পিংকী কৰ্মকাৰে ২০১২ চনত চনত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ ইয়াৰ পাছতো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ চাহ বাগিছাৰ স্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত হ’বলগীয়া হৈছিল পিংকী ৷ সুৰ্দীঘ 9 বছৰৰ পাছত নিজৰ ন্যাৰ্য প্ৰাপ্তি কৰিবলৈ সক্ষম হ‘ল পিংকী ৷