সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ
কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাজীৱ মাঝি নামৰ এজন যুৱকে ৷ ইয়াৰ পাছতেই সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত বনী চাহানীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন কেইবাটাও বিষ্ফোৰক অভিযোগ উত্থাপন কৰিছিল ।
ৱাল পেইণ্টিঙেৰে লাভলীনাক আদৰণি
অলিম্পিকৰ পদক হাতত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ লাভলীনা উপস্থিত হোৱাৰ পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে আদৰণি জনায় খেলুৱৈগৰাকীক ৷
গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...
অলিম্পিকৰ পদক হাতত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত লাভলীনা উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচা, ফুলৰ থোপা আৰু জাপিৰে আদৰণি জনায় খেলুৱৈগৰাকীক ৷
যোৰহাটত লাইনচ্যুত মালবাহী ৰে’ল
এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ ফলত বন্ধ হৈ পৰিছে তিতাবৰ-মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ ৷ লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হৈছে ৰিকভাৰী বাহন ৷
এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে HSLC পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ
মৰিয়নীৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়(Nakachari Sr Secondary School)ত উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ নামভৰ্তিক লৈ হাহাকাৰ ৷ এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হোৱাৰ বাবে নামভৰ্তিৰ আসনৰ অভাৱ হৈছে ৷ যাৰ ফলস্বৰূপে নামভৰ্তি নকৰাকৈ ঘৰলৈ উভতিবলগা হৈছে বহু শিক্ষাৰ্থী ৷