অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - 3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

Top 10 news at 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Jul 15, 2021, 2:57 PM IST

ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

আক্ৰান্তৰ হাৰ ১.৫৪ শতাংশলৈ হ্ৰ‍াস পাইছে যদিও বহু জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সংক্ৰমণ । ২৪ ঘণ্টাত ২,০৪৬ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২২ গৰাকীৰ । এতিয়ালৈকে ৰাজ্যৰ ৭০,৩৯,৪৮৭ গৰাকী লোকে ভেকচিন পাবলৈ সক্ষম হৈছে ।

লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট

লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট ৷ বুধবাৰে নিশা লামডিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় ৷ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটৰ ৷

দেশজুৰি চৰ্চাত ডিব্ৰুগড়ৰ গৃহিনীৰ গ্ৰন্থ ‘Miles and Fears’

ভাৰতীয় সেনা (Indian Army)ৰ জীৱনলৈ উচৰ্গা কৰি লিখা গ্ৰন্থ ‘Miles and Fears’ৰ দেশজুৰি চৰ্চা লাভ ৷ ৰাজস্থানৰ জীয়ৰী তথা ডিব্ৰুগড়ৰ বোৱাৰী ৰেখা মৰ্ডানি (Rekha Mardani)এ লিখি উলিয়াইছে এই গ্ৰন্থখন ৷ ইতিমধ্যে Amazon আদিৰ দৰে অনলাইন চাইটত উপলব্ধ হৈছে এই গ্ৰন্থ ৷

আমিনগাঁৱত গ্ৰেপ্তাৰ ৪ ড্ৰাগছ সৰবৰাহকাৰী

আমিনগাঁৱৰ কালিবাৰীত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন । এই অভিযানত চাৰিজন সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে । ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আমিনগাঁও আৰক্ষীয়ে জব্দ কৰে কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ, নগদ ধন আৰু ম'বাইল ফোন ।

দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পুনৰাই এবাৰ বৃদ্ধি পালে । দেশৰ অধিকাংশ মহানগৰত বৰ্তমান পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য শতক স্পৰ্শ কৰাৰ দিশে ৷

অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?

12 জুলাইত অসম বিধানসভাৰ মজিয়াত শাসকীয় বিজেপি দলে ‘গো-সংৰক্ষণ বিধেয়ক 2021’ (Cattle Preservation Bill) উত্থাপন কৰিছিল ৷ কিন্তু এই বিধেয়কখনে প্ৰভাৱ পেলাব পাৰে উত্তৰ-পূৱত গেৰুৱা দলৰ শেহতীয়া উত্থানত ৷ কাৰণ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত গো-মাংস এবিধ সুস্বাদু খাদ্য ৷ ইয়াৰ উপৰিও এই বিধেয় উত্তৰ-পূৱৰ অৰ্থনীতিকো প্ৰভাৱান্বিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

অৰুণাচলত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: থিতাতে নিহত এজন

অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ উজনি চিয়াং জিলাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে সেনাৰ এখন বাহন ৷ দুৰ্ঘটনাত চতুৰ্থ শিখ লাইট ইনফেণ্ট্ৰী ৰেজিমেণ্টৰ এজন জোৱানৰ ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে গুৰুতৰভাৱে আহত আন চাৰিজন জোৱানক তিনিচুকীয়া আৰু গুৱাহাটী আৰ্মি হাস্পতলত ভৰ্তি কৰোৱা হয় ৷

বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বৈঠকৰ আহ্বান ভেংকায়া নাইডুৰ

১৭ জুলাইত ৰাজ্যসভা(Rajya Sabha)ৰ সদস্যসকলৰে বৈঠকত মিলিত হ'ব উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু(Venkaiah Naidu) । নাইডুৰ চৰকাৰী বাসভৱনত বৈঠকৰ আহ্বান জনোৱা । ১৮ জুলাইত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আন এক বৈঠকৰ আহ্বান জনাইছে ।

আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু TIPRA মথা

TTAADC নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত এইবাৰ আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰিছে TIPRA মথাই । আঞ্চলিক ৰাজনৈতিক দলটোৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে কয় যে, এয়া অস্তিত্বৰ বাবে যুঁজ দিয়াৰ সময় ৷ নিৰ্বাচনত যুঁজ নিদিলে স্থানীয় লোকসকলক কেনেকৈ আশ্বাস দিব পাৰিম যে তেওঁলোক বৃহত্তৰ টিপ্ৰালেণ্ডৰ এটা অংশ ।

১৩ বছৰীয়া সুখবীৰৰ চমৎকাৰ

কোনোৱে সঁচাই কৈছিল- এনেই বহি সময় অতিবাহিত কৰাতকৈ সঠিক কামত ব্যৱহাৰ কৰিব লাগে ৷ যাতে তাৰ পৰা এক ভাল ফলাফল লাভ কৰিব পৰা যায় ৷ ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে লুধিয়ানাৰ ১৩ বছৰীয়া সুখবীৰ ৷ যাৰ ওপৰত এতিয়া বিশ্ববাসীৰ চকু ৷

ABOUT THE AUTHOR

...view details