বিকল্প মূল্যায়নৰ মাৰ্কশ্বীট সন্দৰ্ভত বিলাসীপাৰাত প্ৰতিক্ৰিয়া
সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো বিকল্প মূল্যায়নৰ মাৰ্কশ্বীটক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে । অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ তুলি হতাশাত ভূগিছে ৷
লাহৰিজানত নিষিদ্ধ কানিসহ আটক এজন
কাৰ্বি আংলং জিলাৰ খটখটি থানা এলেকাৰ লাহৰিজান পহৰা চকীৰ ওচৰত শনিবাৰে সন্ধিয়া আৰক্ষীয়ে কানিসহ এজন লোকক আটক কৰে ৷ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক দিয়া কঠোৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ ৷
নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত
নগাঁৱত শনিবাৰে নিশা আৰক্ষীৰ গুলীত এটা ড্ৰাগছ মাফিয়া আহত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতেই নগাঁও আৰক্ষীয়ে চলোৱা আন এক অভিযানত কুখ্যাত অপৰাধী জয়নাল আবেদিন নিহত হয় ৷
চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণৰ কাম সম্পন্নৰ দাবী ইণ্ডিজিনাচ ষ্টুডেণ্টছ ফ’ৰামৰ
বছৰৰ পাছত বছৰ পাৰ হোৱা স্বত্বেও আজিলৈকে শেষ নহ'ল শিলচৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণৰ কাম ৷ উক্ত পথটো নিৰ্মাণৰ বাবে শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলক দাবী জনাইছে ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ সদস্যসকলে ৷
ডিফু-দলদলী গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা
ডিফু-দলদলীৰ ঝুম কন্ট্ৰ'ল পথৰ প্ৰায় ১০ কিল'মিটাৰ যোৰা পথৰ জৰাজীৰ্ণ অৱস্থা ৷ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ ৰোগীও নিব নোৱাৰা পৰিস্থিতি সৃষ্টি হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷