অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Jul 2, 2021, 3:11 PM IST

টোল গেট বন্ধ কৰিবলৈ মই আহি আছো: কাৰামুক্ত হৈয়েই অখিল গগৈৰ হুংকাৰ

বৃহস্পতিবাৰে কাৰামুক্ত হৈ শুকুৰবাৰে পুৱাই অভূতপূৰ্ব সঁহাৰি, উষ্ম আদৰণিৰ মাজেৰে প্ৰথমবাৰৰ বাবে নিজ সমষ্টি শিৱসাগৰলৈ যাত্ৰা কাৰাগাৰত থাকিয়েই বিধানসভালৈ নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা বিধায়ক অখিল গগৈৰ (Akhil Gogoi) । অসমৰ ৰাস্তাত অসমীয়াই ধন দি অহা যোৱা কৰিবলগীয়া হলে মই জীয়াই থকাৰ অৰ্থ নাই । টোল গেইট বন্ধ কৰা, পুনৰ কা' আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ ।

তৃতীয়টো বানত সৰ্বস্বান্ত লাইকা-দধিয়াবাসী

ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ ৷ বছৰটোৰ তৃতীয়টো বানত সৰ্বস্বান্ত হৈ পৰিছে লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ৷ ক’ত-কেতিয়া হব লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন ? লাইকা-দধিয়াৰ বনগাঁও সমূহৰ পুনঃসংস্থাপনৰ আশ্বাস দিছিল যদিও আজিলৈকে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী নহল ৷ চৰকাৰৰ লগত কেইবালানিও আলোচনা হ’ল ৷ আলোচনাবোৰত বহু আশ্বাস দিলে লাইকা-দধিয়া বাসী ৰাইজক কিন্তু চৰকাৰৰ আশ্বাসবোৰ মৰিচীকাত পৰিণত হৈ ৰ’ল ৷

মিজো আগ্ৰাসনৰ বুজ ল’বলৈ পুনৰ কৰিমগঞ্জত উপস্থিত গৃহ বিভাগৰ সচিব

বিগত 11 জুনত অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border) পৰিদৰ্শন কৰিবলৈ গৈ অসমৰ অতিৰিক্ত মুখ্য সচিব জি ডি ত্ৰিপাঠীয়ে মিজো দুৰ্বৃত্তৰ ৰোষত পৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ উক্ত অঞ্চল পৰিদৰ্শনৰ বাবে উপস্থিত হয় গৃহ বিভাগৰ সচিবগৰাকী ৷

বিজেপিৰ ৰাজনীতিত দুৰ্নীতি বিৰোধী শূণ্য সহনশীলতা আজি অচল টকা !

দুৰ্নীতিবিৰোধী শ্ল’গান আৰু শূণ্য সহনশীলতাৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ অৱসান ঘটাই ২০১৬ চনত দিছপুৰ দখল কৰিছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰম্ভণিও ঘটিছিল তেনেকৈয়ে । কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত দল-চৰকাৰ শক্তিশালী কৰাৰ নামত চলিছে দুৰ্নীতিৰ ৰজা সকলকে বৰ আসন দিয়াৰ অভিযান ।‌

শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰিলে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পদ্ধতি

ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা(SEBA)ৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি ৰাজহুৱা কৰিলে। মেট্ৰিক (HSLC EXAM) নাইবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM)ৰ নম্বৰক আধাৰ হিচাপে লৈ চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতি(EVALUATION METHOD) ত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব।

সুৰামত্ত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

আমগুৰিৰ বৰচিলা চাহ বাগিছাত হত্যাকাণ্ড । ৰোগীয়া পত্নীক হত্যা কৰিলে সুৰাসক্ত স্বামীয়ে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মৃত মাধুৰী মাঋিক ৷

বিশ্বনাথত অব্যাহত আছে কৰ'ণাৰ গণ সংক্ৰমণ

বৃহস্পতিবাৰৰ দিনটোলৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ ৫৮০৭ গৰাকী । সুস্থ হৈ উঠিছে ৪৮০২ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী । বৰ্তমানলৈকে জিলা খনৰ বিভিন্ন ক'ভিড চিকিৎসালয় (Covid Hospital) আৰু ক'ভিড কেয়াৰ চেন্টাৰত (Covid care centre) চিকিৎসাধীন হৈ আছে ৮৭৯ গৰাকী লোক ।

চাহ বাগিচা কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশ বিশ্বনাথৰ উপায়ুক্তৰ

ক'ভিড-১৯ (COVID-19)ত আক্ৰান্ত শ্ৰমিকক সঠিক চিকিৎসা আগবঢ়াবলৈ চাহ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ । বিশ্বনাথ জিলাৰ চাহ বাগিচাসমূহত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে ।

শিৱসাগৰত ক'ভিড আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি

দেশত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত শিশু আৰু কিশোৰৰ সংখ্যা ৷ শিৱসাগৰ জিলাত প্ৰাপ্তবয়স্ক নোহোৱা ১১.৪ শতাংশ লোক অতিমাৰী ক'ভিডত আক্ৰান্ত ৷ শিশুক ক'ভিডমুক্ত কৰাৰ বাবে প্ৰস্তুত হৈছে শিবসাগৰৰ স্বাস্থ্য বিভাগ ৷ শিশুসকলৰ সুৰক্ষাৰ বাবে অভিভাৱকক সাৱধানতা অৱলম্বনৰ আহ্বান স্বাস্থ্য বিভাগৰ ৷

পুনৰ স্বাস্থ্য কৰ্মীক আক্ৰমণ

লাহৰীঘাটৰ ভেকচিন কেন্দ্ৰত উত্তেজনা । বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত স্বাস্থ্য কৰ্মীক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তেজনা । এগৰাকী আশাকৰ্মীয়ে পুতেক মুকছিদুল আহমেদ নামৰ যুৱক জনৰ নেতৃত্বত 6-7 জনীয়া দল এটাই কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰি আহত কৰে এচ ডব্লিউ ছাইফুল ইছলামক ।

ABOUT THE AUTHOR

...view details