ৰাজ্যসভা নিৰ্বাচন 2020 : গুজৰাটত বিজেপিৰ তিনি, কংগ্ৰেছৰ এখন আসন দখল
অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটৰ চাৰিখন, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ তিনিখন, ঝাৰখণ্ডৰ দুখন আৰু মনিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ এখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷শাসনাধিষ্ঠ ৱাইএছআৰ (YSR) কংগ্ৰেছে অন্ধ্ৰ প্ৰদেশত চাৰিখনেই আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷
উত্তৰ প্ৰদেশত খহি পৰিল নিৰ্মীয়মান উৰণীয়া সেঁতু
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ এটাহত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা । নিৰ্মাণৰত অৱস্থাত খহি পৰে উৰণীয়া সেঁতুৰ এটা অংশ । ফলত বহু সংখ্যক লোক আহত হোৱাৰ উপৰিও খহি পৰা অংশৰ তলত থকা পথাচাৰী তথা উৰণীয়া সেঁতু নিৰ্মাণকাৰ্যত নিয়োজিত কৰ্মচাৰীকে ধৰি বহু সংখ্যক যান-বাহন থকাৰ আশংকা ৷
ৰাজস্থানৰ ৰাজ্যসভা নিৰ্বাচনত পিপিই কীট পৰিধান কৰি ভোটদান প্ৰাক্তন বিধায়কৰ
শুকুৰবাৰে ৰাজস্থান ৰাজ্যসভা নিৰ্বাচনত পিপিই কীট পৰিধান কৰি ভোটদান সাব্যস্ত কৰিলে প্ৰাক্তন বিএছপি বিধায়ক ৱাজিব আলীয়ে । ১৮ জুনত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ অহা প্ৰাক্তন বিধায়ক গৰাকীয়ে মহামাৰী আইন উংলঘা কৰি ভোটদান সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন কৰে ৱাজিব আলীৰ বিৰুদ্ধে ।
কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ
শুকুৰবাৰে কলিয়াবৰত পুনৰ 2 জন লোকৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰে এগৰাকী মহিলা আৰু আনগৰাকী বহিঃ ৰাজ্যৰ পৰা অহা যুৱক।
দুদিন ধৰি পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
পথত আৱদ্ধ হৈ পৰা পানীত দুদিন ধৰি বুৰ গৈ আছে টীয়কৰ বঙালী গাঁৱৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ইয়াৰ লগতে টীয়ক নগৰৰ দক্ষিণ-পূৱ কোণত থকা লেতেকু পথাৰ সমীপত মেৰামতি বিহীনভাৱে থকা টীয়ক নদীৰ মথাউৰিৰে নগৰাঞ্চললৈ বৈছে বাঢ়নী পানীৰ সোঁত ৷