অসম

assam

By

Published : Nov 23, 2020, 11:10 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

GMCHত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ এতিয়াও সংকটজনক অৱস্থাতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ 6 ঘন্টা ডায়েলাইচিছ কৰা হ'ল তৰুণ গগৈক ৷

থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী এই গৰাকী ৰাজনৈতিক নেতা অসমৰ ভৱিষ্যতৰ ৰাজনীতিক সকলৰ বাবে নিসন্দেহে আদৰ্শ স্বৰূপ ৷ সুদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আগুৱাই গৈ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল তৰুণ গগৈয়ে ?

বাক্যবানঃ ৰঞ্জিত দাস বনাম হাগ্ৰামা মহিলাৰী

সমাগত বিটিচি নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ আৰম্ভ হৈছে প্ৰচণ্ড ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷

কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সোমবাৰে পুৱা 5 বজাৰ পৰা নগাঁৱৰ কঠীয়াতলিৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত তিৱা ছাত্ৰ সন্থাৰ ৷ 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা সংগঠনটোৰ ৷ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত জনজাতিৰ সংৰক্ষিত আসন হ্ৰাস কৰাৰ লগতে বিভিন্ন দাবীৰে ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ।

দিনত ছাত্ৰ সংগঠন,নিশা ডকাইটিঃ ধেমাজিত 5 জনক গ্ৰেপ্তাৰ

ধেমাজি আৰক্ষীৰ সফলতা,ডকাইতি কাণ্ডত জড়িত পাচ অভিযুক্তক গ্ৰেপ্তাৰ দেওবাৰে নিশা ৷ গ্ৰেপ্তাৰ হোৱা ডকাইতৰ দলৰ পৰা জব্দ পিষ্টলসহ,নগদ ধন,বাইক আৰু বাহন ৷

মধ্য অসমত আজি 12 ঘণ্টীয়া বন্ধৰ আহ্বান তিৱা ছাত্ৰ সন্থাৰ

অসম নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান জনাই সদৌ তিৱা ছাত্ৰ সন্থাৰ সোমবাৰে 12 ঘণ্টীয়া মধ্য অসমৰ বন্ধৰ আহ্বান ৷ সদৌ তিৱা ছাত্ৰ সন্থাই নিৰ্বাচনৰ বিৰোধিতা কৰি আজি অসম বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

বিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি গঠন

বিলাসীপাৰাত দেওবাৰে ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি গঠন ৷ এইবাৰ নিৰ্বাচনত ৰাইজে ৰাইজৰ দলকহে আঁকোৱালি ল’ব বুলি সভাত মন্তব্য কৰে কেন্দ্ৰীয় নেতৃবৃন্দই ৷

যোৰহাটৰ ৰাজমাও ঐতিহাসিক পুখুৰীত উদ্ধাৰ মৃতদেহ

যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীত সোমবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ পুৱা ৰাজমাও পুখুৰীৰ পাৰত প্ৰাতঃ ভ্ৰমণ কৰিবলৈ অহা ব্যক্তিয়ে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

2023 চনত ভাৰতত অনুষ্ঠিত হ'ব জি-20 সন্মিলন

সদস্য ৰাষ্ট্ৰ সমুহৰ সদস্য সকলৰ দুদিনীয়া বৈঠকৰ অন্তত দেওবাৰে এই কথা ঘোষণা কৰিছে আয়োজক সদস্য সকলে ৷ ভাৰতে 2023 চনত গ্ৰুপ অফ-20 সন্মিলনৰ আয়োজন কৰিব বুলি জনাইছে সদস্য সকলে ৷

হিমন্ত লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্তঃ অদীপ ফুকন

নিৰ্বাচনৰ পূৰ্বে পুনৰ লুইজ বাৰ্গাৰ কেলেংকাৰীৰ প্ৰসংগ ৷ বহুদিন পাহৰি থকা লুইজ বাৰ্গাৰ কেলেংকাৰীৰ কথা এইবাৰ অদীপ ফুকনৰ মুখত ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্ত- অদীপ ফুকন ৷

ABOUT THE AUTHOR

...view details