অসম

assam

By

Published : Oct 18, 2020, 11:01 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱা 11 বজাৰ শীৰষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হায়দৰাবাদৰ বিস্তৰ অঞ্চল

হায়দৰাবাদত পুনৰ ধাৰসাৰ বৃষ্টি ৷ শনিবাৰৰ পুৱাৰ পৰা হোৱা বৰষুণৰ ফলত পুনৰ জলবন্দী হৈ পৰে বহু লোক ৷ চৰকাৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন ৷

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গোপনে সৰবৰাহ নিৰ্মান সামগ্ৰীঃ নাওবৈচাত উত্তপ্ত পৰিস্থিতি

উত্তৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণক মৃত্যুৰ অটল গহ্বৰলৈ ঠেলি দি চৰকাৰ তথা নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে গোপনে অব্যাহত ৰাখিছে নদীবান্ধ নিৰ্মাণৰ কাম ৷ ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে সামগ্ৰী কঢ়িয়াই অনাক লৈ কাতি বিহুৰ দিনটোতে পুনৰ উত্তপ্ত হৈ পৰিছে লখিমপুৰ জিলা ৷

লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ

হোজাই জিলাৰ লংকাত শনিবাৰে নিশা বন বিভাগে অভিযান চলাই জব্দ কৰেবৃহৎ পৰিমানৰ দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক । লংকাৰ বৰদলঙৰ পৰা জব্দ কৰে দালচেনী ভৰ্তি ট্ৰাকখন ৷

বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ধুবুৰীত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ ৷ শনিবাৰৰ নিশা বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কাঠফলা মেচিনৰ লগতে অবৈধ কাঠ ৷

দাবী পূৰণৰ বাবে ত্ৰিপুৰাত CPIM ৰ প্ৰতিবাদ

ত্ৰিপুৰাৰ চিপিআইএম দলৰ 100 বছৰ উপলক্ষে আৰু 6 নং দফা দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম, ডিওয়াইএফ আই, খেতমজুৰ আৰু কৃষক সভা ইউনিয়নৰ কৰ্মী সকলে ।প্ৰতিবাদকাৰীসকলে কদমতলাৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি কদমতলা খণ্ড উন্নয়ন কাৰ্যালয়ত প্ৰতিবাদ সমাপ্ত কৰে ।

হাতী দাতৰ সৈতে চিৰাঙত হ’ল গ্ৰেপ্তাৰ দুজন

এমাহ পুৰ্বেও আৰক্ষী আৰু বন বিভাগে দুঠাইত অভিযান চলাই চাৰিটা হাতী দাতৰ সৈতে কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ হয় আৰু ইয়াৰ সুযোগ লৈ আন্তৰ্জাতিক হাতী দাতৰ ব্যৱসায়ৰ সৈতে জড়িত এই চক্ৰটোৱে গোপনে চলাই গৈছিল এক অবৈধ ব্যৱসায় ।

অসম-মিজোৰাম সীমান্তত মিজো লোকৰ আক্ৰমণত আহত অসমীয়া

অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰত তীব্ৰ উত্তেজনা ৷ মিজো দুষ্কৃতিকাৰীয়ে অসম ভূমিৰ তিনিখন দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ কৰাৰ ফলত গুৰুতৰভাবে আহত এজন যুবক ।

সতীৰ্থৰ মুখত লেকাম লগাওকঃ মুখ্যমন্ত্ৰীলৈ বিৰোধী দলপতিৰ চিঠি

ৰাজহুৱা সভা সমিতি বা সামাজিক মাধ্যমত এইসকল বিজেপি নেতাই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি অহাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে গৃহ বিভাগে কেনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বুলি উল্লেখ কৰে পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

প্ৰসংগ মাতৃভাষাঃ প্ৰাক্তন বিধায়কৰ বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া অব্যাহত

বিজেপিত যোগদান কৰিয়েই বিতৰ্কত সোমাই পৰিছে ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজেসম্বৰ্ধনা সভাত বাংলা ভাষাক নিজৰ মাতৃভাষা হিচাপে মুকলিকে ঘোষণা কৰি বিতৰ্কত সোমাই পৰিছে বিধায়ক গৰাকীয়ে ৷

বিপিএফক ক্ষতি কৰিব নোৱাৰে বিজেপিয়েঃ অঞ্জলি দৈমাৰী

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰচনা কৰা ৰণকৌশলে বিপিএফৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য অঞ্জলি দৈমাৰীৰ ৷ দৈমাৰীয়ে কয় যে বিজেপিয়ে বড়োভূমিত বিটিচি দখল কৰাৰ বাবে যিমানে ৰণকৌশল ৰচনা কৰিলেও বিপিএফৰ কোনো ক্ষতি কৰিব নোৱাৰিব ৷

ABOUT THE AUTHOR

...view details