অসম

assam

By

Published : Jun 14, 2020, 11:15 AM IST

ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

অসমত কি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ ভৱিষ্যত

ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই উল্লেখ কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ৷

কি হ'ল অসম চুক্তিৰ ৬ নং দফা আয়োগৰ প্ৰতিবেদন : প্ৰশ্ন উপমন্যু হাজৰিকাৰ

সমত খিলঞ্জীয়াৰ দুৰ্দশা প্ৰত্যক্ষ ৰূপত প্ৰতিবিম্বিত কৰিছে অসম চুক্তিৰ ৬নং দফা আয়োগ আৰু প্ৰতিবেদনৰ অৱজ্ঞাৰ ঘটনাই । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।

হঠাৎ ধুবুৰী চহৰৰ প্ৰতি ভাবুকি ব্ৰহ্মপুত্ৰৰ

নিশাৰ ভিতৰতে ধুবুৰীত কালৰূপ ধাৰণ ব্ৰহ্মপুত্ৰৰ ৷ গৰাখহনীয়াই এফালৰ পৰা নিশাৰ ভাগতে খহাই নিলে শতাধিক দোকান-গৃহ ৷

বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া

বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক সমালোচনা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ বাঘজান কাণ্ডত নিহত হোৱা প্ৰাক্তন ফুটবল খেলুৱৈ দুৰ্লভ গগৈৰ বাসগৃহত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদকগৰাকী ৷

ডিব্ৰুগড়ৰ সদৰ থানাৰ 100 মিটাৰ ব্যাসাৰ্ধত উৎখাত নাৰীদেহৰ ব্যৱসায়

কোভিড-19ৰ লকডাউনৰ মাজতে ডিব্ৰুগড় চহৰত উৎখাত নাৰীদেহৰ চক্ৰ ৷ আচৰিত ধৰণে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পৰা 100 মিটাৰ দুৰত্বত দীৰ্ঘদিন ধৰি চলি আহিছিল এই ব্যৱসায় ৷

বাঘজানৰ ঘটনা সন্দৰ্ভত অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিপ হাজৰিকাৰ সৈতে আচুতীয়া সাক্ষাৎকাৰ

অইল ইণ্ডিয়াই ইতিমধ্যে চিংগাপুৰ, আমেৰিকা আৰু কানাডাৰ পৰা ছজনকৈ বিশেষজ্ঞ আনিছে তেল খাদৰ জুই নিৰ্বাপনৰ বাবে ৷ কাৰিকৰী বিজুতি অথৱা আভিযান্ত্ৰিক কাৰণতেই এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে বিষয়াগৰাকীয়ে ৷

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ

গুৱাহাটীৰ নুনমাটিত দিনদুপৰতে হত্যাৰ বলি হোৱা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ । ফাষ্ট ট্ৰেক আদালতত এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আহ্বান জনায় সাংসদগৰাকীয়ে ।

কোভিড-19য়ে সকলোকে ইকমাৰ্চৰ দিশে গতি কৰাইছে

এক সমীক্ষা মতে, 36 শতাংশ লোকে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ অৰ্ডাৰ ইকমাৰ্চ যোগে দিয়া পৰিলক্ষিত হৈছে । আনহাতে 23 শতাংশই তেওঁলোকৰ কিছু সংখ্যক অৰ্ডাৰ ইকমাৰ্চ যোগে দিছে যদিও শীঘ্ৰে আৰু অধিক অৰ্ডাৰ দিয়াৰ ইংগিত পোৱা গৈছে ।

পশ্চিম বংগত COVID-19 ত আক্ৰান্ত হৈ আত্মহত্যা কৰে ১২ গৰাকী লোকে

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শনিবাৰ পৰ্যন্ত COVID-19ত আক্ৰান্ত হৈ মুঠ ৪৬৩ জন লোকৰ মৃত্যু হয় । আনহাতে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত নতুনকৈ COVID-19 ত আক্ৰান্তৰ হয় ১৫৮ জন লোক ।

অৱসৰৰ পাচৰ ভাৰতীয় দলৰ উত্তৰাধিকাৰী সম্পৰ্কত গাংগুলীৰ মন্তব্য

প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীয়ে শনিবাৰে কয় যে, অধিনায়ক হিচাপে তেওঁ এনে এটা দল গঢ় দি থৈ গৈছিল যি দলে বিশ্বৰ যিকোনো স্থানতে জয় লাভ কৰিবলৈ সক্ষম হ'ব বুলি বিশ্বাসী আছিল ৷

ABOUT THE AUTHOR

...view details