অসম

assam

By

Published : Jun 8, 2020, 11:01 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

অসমত পুনৰ 155 জন ক'ভিড-19 আক্ৰান্ত চিনাক্ত

অসমত নতুনকৈ 155 জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এই কথা ৷

ধেমাজিত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 55 জনলৈ বৃদ্ধি

ধেমাজিত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা 55 জনলৈ বৃদ্ধি/জোনাইত পুনৰ 4 জন আৰু চিলাপথাৰ 1 জনৰ দেহত ক'ভিড-19 পজিটিভ

দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী

মৰিগাঁও নটুৱা গাঁৱৰ নেউলাবড়ীৰ চহা নিবাসী মৃদুল নাথ আৰু অংগণবাড়ী সহায়িকা জ্যোতিকা দেৱীৰ কন্যা বৰ্ণালী দেৱীয়ে লাভ কৰিছে সৰ্বমুঠ 597 নম্বৰ।

দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নামতিৰ ময়ূৰ পংখী গগৈ

নামতিৰ চিলড্ৰেন হাউচৰ পৰা 94.83 শতাংশ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অতিশয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে ৷ ড্ৰাইভাৰ কৰি কোনোমতে জীৱন অতিবাহিত কৰা পিতৃ ডিম্বেশ্বৰ গগৈৰ কন্যাৰ এই সাফল্যত গৌৰৱান্বিত গাঁৱবাসী ।

সোমবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব ধৰ্মীয় উপাসনাস্থলী

উপাসনা স্থলী সমূহত সামাজিক দূৰত্ব মানি চলা , চেনিটাইজ কৰা , থাৰ্মনেল আদিৰে স্কেন কৰাৰ বাবে কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷ পৰিচালনা সমিতি সমূহৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা ৷

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

দেশৰ পৰা লক ডাউনৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত অধিকাংশ ভাৰতীয়ই পুনৰ যোগদান কৰিব পাৰিব এই সময়ত হেৰুওৱা চাকৰিত । এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক

অভিনেতা চনু সুদক প্ৰশংসা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৷ দেওবাৰে নিশা সুৱৰ্ণ মুম্বাইৰ মাটোশ্ৰীস্থিত বাসগৃহত মুখ্যমন্ত্ৰী থাকৰেক সাক্ষাৎ কৰে অভিনেতাগৰাকীয়ে ৷

বাংগালুৰুৰ কণ্টেনমেণ্ট জ'নত ৰোড শ্ব' কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজনক

বাংগালুৰুৰ COVID-19ৰ বাবে কণ্টেনমেণ্ট জ'ন হিচাপে চিহ্নিত পদাৰায়পুৰাত ৰোড শ্ব' কৰাৰ অপৰাধ গ্ৰেপ্তাৰ কৰে বাংগালুৰু মহানগৰ পলকি কৰ্পাৰেছনৰ জেডিএছ সদস্য ইমৰান পাশা নামৰ ব্যক্তি গৰকীক ।

পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ক'ভিড-19

পি আই বিৰ মুখ্য নিৰ্দেশক কে এছ ধাতৱালিয়াৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে নেশ্যনেল মিডিয়া চেন্টাৰস্থিত অট্টালিকা ৷

নৈত সাঁতুৰিবলৈ গৈ সলিল সমাধি ছাত্ৰৰ ৷

নৈত সাঁতুৰিবলৈ গৈ ফিল'বাৰীত ১২ বছৰীয়া ছাত্ৰৰ সলিল সমাধি । মৈলাজান নৈত সংঘটিত হৈছে এই ঘটনা ৷

ABOUT THE AUTHOR

...view details