আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে কুখ্যাত অপৰাধী বুবু কোঁৱৰে
কুখ্যাত অপৰাধী হিচাবে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলিয়াই হত্যা কৰিছিল ৷ ইয়াৰ উপৰি বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত বুবু কোঁৱৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগৰ লগতো নাম সাঙুৰ খাইছিল ৷ অৱশেষত নিহত হ’ল বুবু কোঁৱৰ ৷
'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
মাদাৰ অল্ড হাউচ বৃদ্ধাশ্ৰমখন (Mother Old Age Home)পৰিচালনা কৰা দুই হোতা উৎপল আৰু মণিকাৰ সংঘাতে ৰাজ্যজুৰু চাঞ্চল্য় সৃষ্টি কৰিছে । উক্ত বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱা সমগ্ৰ বিষয়টো তদাৰক কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ক্তক নিৰ্দেশ দিয়াৰ লগতে ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কিন্নৰৰ বেশত ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ
আৰক্ষীৰ হাতত ধৰা পৰা অবৈধ বিদেশী নাগৰিকৰ ভাৰতৰ মাটিত প্ৰৱেশৰ মূল দ্বাৰ আছিল ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্ত । প্ৰশ্ন হয়, কিমান সুৰক্ষিত ভাৰত- বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত ?
ঘৰে ঘৰে গৈ বিদ্যুৎ বিভাগে কৰ্তন কৰিছে অবৈধ বিদ্যুৎ সংযোগ
মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ ৰঙিয়াৰ বিদুৎ বিভাগো কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ বুধবাৰে ৰঙিয়াত বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে বিভাগটোক ৷
আৰক্ষীৰ গুলিত আহত গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক
বৰপেটা আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মাফিয়াজনক লৈ আৰক্ষীয়ে কলগাছিয়ালৈ অনুসন্ধানৰ বাবে লৈ গৈ থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ ফলতেই আৰক্ষীৰ গুলিত আহত হয় মোজাম্মিল হ’ক ৷