অসম

assam

By

Published : Jun 16, 2021, 1:09 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 news at 1 pm
1 বজাৰ দহটা শীৰ্ষ বাতৰি

ন্যায় নোপোৱাকৈয়ে ইহসংসাৰ এৰিলে জয়ন্ত বৰাৰ মাতৃয়ে

বিগত বৰ্যৰ 15 জুনত সেনাৰ জিম্মাত প্ৰাণ হেৰুওৱা জয়ন্ত বৰাৰ মৃত্যুৰ মঙলবাৰে এটা বছৰ সম্পূৰ্ণ হয় ৷ কিন্তু ন্যায় নোপোৱাকৈয়ে পুত্ৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোতে মৃত্যুক সাৱটি ল’লে জয়ন্ত বৰাৰ মাতৃ লীলা বৰাই ৷

ছাত্ৰৰ হাতত মাৰণাস্ত্ৰ: আলফাত যোগদানৰ সন্দেহ

কাকপথাৰৰ ডিৰাক সোনজানৰ দুজনকৈ ছাত্ৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল ৷ আলফা(স্বা)ত যোগদানৰ সন্দেহ পৰিয়ালৰ ৷ ছাত্ৰ কেইগৰাকীক ওভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক মাতৃৰ আহ্বান ৷

ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনত ব্যাপক সালসলনি কৰি থকা হৈছে । শেহতীয়াকৈ ৬৭ গৰাকী চক্ৰ বিষয়া (Circle Officer)ৰ ৰদবদল কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্য চৰকাৰে।

ধানবাদৰ ক’লা হীৰা ফাগু মাহাতো

শৰথ মাঝিৰ কাহিনী আপোনাৰ নিশ্চয় মনত আছে ৷ দশৰথ মাঝি, যাৰ পত্নীয়ে প্ৰসৱ বেদনাৰ বাবে পৰ্বত পাৰ হ'ব পৰা নাছিল আৰু তাৰ পৰা পৰি মৃত্যু হৈছিল ৷ জেদ এনেকুৱা আছিল যে গোটেই পৰ্বত হাতুৰি-বটালিৰে ভাঙিছিল মাঝিয়ে ৷ ঠিক তেনেকুৱাই কাহিনী ধনবাদৰ ফাগু মাহাতোৰ । পিতৃৰ সপোন পূৰণ কৰিবলৈ, তেওঁ কোৰেৰে মাটি কাটি পানীৰ সোঁত বোৱাইছিল ৷

চোৰাং সোণ বিচাৰি আৰক্ষীৰ ঘৰত আৰক্ষীৰ অভিযান

ৰাজ্যত গোপনে অব্যাহত আছে চোৰাং সোণৰ বেহা । চোৰাং সোণৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহত নগাঁৱৰ হয়বৰগাঁও ৰে’লৱে ষ্টেচনত নিয়োজিত মহিলা আৰক্ষী বিষয়াৰ ঘৰত আৰক্ষীয়ে চলালে অভিযান । নগাঁৱৰ পৰা আটক বিকানীৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পুত্ৰ ।

মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ

চাবুৱাৰ হাতীআলি চাহ বাগিচাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৷ মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত আৰক্ষীৰ জালত ধৰা পৰিল পুনৰ এগৰাকী ভুৱা চিকিৎসক ৷ চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ ইয়াকুব আলী আহমেদৰ নথি জালিয়াতিৰে চাবুৱাত দীৰ্ঘদিনে কৰ্মৰত হৈ আছিল লোকজন ৷

হাওৰাঘাটৰ ৰংকুটত নলাত উদ্ধাৰ ক'ভিড আক্ৰান্তৰ মৃতদেহ

হাওৰাঘাটৰ ৰংকুটত ক'ভিড আক্ৰান্তৰ মৃতদেহ নলাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত ৷ মৃত অনন্ত কালবাৰ নামৰ ৰোগীজন ১১ জুনৰ পৰা ক’ভিডত আক্ৰান্ত হোৱাত হোম কোৱাৰেণ্টাইন(Home quarantine) হৈ আছিল ৷

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়(Margherita Civil Hospital)ক তিনিদিনৰ বাবে কণ্টেইনমেণ্ট জ’ন(Containment zone) ঘোষণা কৰা হৈছে ৷ তৎস্বত্বেও জৰুৰী সেৱা, আৰক্ষীৰ নিৰীক্ষণ বাহাল থাকিব বুলি জানিব দিয়ে চিকিৎসকে ৷

যোৰহাট আৰক্ষীৰ জালত অক্সিজেন চিলিণ্ডাৰ চোৰ

অক্সিজেন চিলিণ্ডাৰ চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল যোৰহাটৰ দুই চোৰ । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল(JORHAT MEDICAL COLLEGE HOSPITAL)ৰ এটা ৱাৰ্ডৰ পৰা চোৰ দুটাই অক্সিজেনৰ চিলিণ্ডাৰ(OXYGEN CYLINDER) চুৰ কৰিছিল ।

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

ABOUT THE AUTHOR

...view details