কোভিডৰ সময়ত ভাৰতত ড্ৰোণৰ ব্যৱহাৰ
অদৃশ্য শক্তিৰ বিৰুদ্ধে হোৱা এই যুঁজখনত ড্ৰোণে বিভিন্ন ধৰণে সহায় কৰি আহিছে । ড্ৰোণ ব্যৱহাৰৰে কৰ’ণা ভাইৰাছ অধিক সংক্ৰমিত নহ’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নানা ধৰণে সহায় কৰিছে। জানো আহক ড্ৰোণে কোভিড-১৯ ৰ বিৰুদ্ধে কেনেদৰে যুঁজত অৱতীৰ্ণ হৈছে ।
সৌৰভ দাসৰ পৰিয়ালক 5 লাখৰ চেক প্ৰদান উপায়ুক্তৰ
ডিব্ৰুগড়ৰ লেজাইত সংঘটিত সৌৰভ দাস নামৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে মঙলবাৰে পুৱাই চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণৰ চেক লৈ ডিব্ৰুগড় উপায়ুক্ত উপস্থিত হয় সৌৰভৰ বাসগৃহত ।
লেহ পৰিদৰ্শন কৰিব স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানে
মঙলবাৰে লেহৰ সীমান্তৰ গালৱান ভেলী পৰিদৰ্শন কৰিব স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানে । সেনা বাহিনীৰ কামাণ্ডোসকলৰ মাজত হোৱা এখন বিশেষ বৈঠকৰ পাচতে গালৱান ভেলী পৰিদৰ্শন কৰিব জেনেৰেল মনোজ মুকুন্দ নাৰভানে ।
চীনৰ সামগ্ৰী বৰ্জনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব ভাৰতবৰ্ষঃ চীনা সংবাদপত্ৰ
যোৱা সপ্তাহত সীমান্তত সংঘটিত ৰক্তাক্ত সংঘাতত বিশজনকৈ ভাৰতীয় সৈন্য নিহত হোৱাৰ পাছত দেশত চীনা সামগ্ৰীৰ বিৰুদ্ধে এক জোঁৱাৰৰ সৃষ্টি হৈছে । কিন্তু চীনৰ চৰকাৰী মুখপত্ৰত দেওবাৰে ভাৰতক শান্তি বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই উল্লেখ কৰিছে যে চীনা সামগ্ৰী অবিহনে ভাৰতীয়সকল জীয়াই থকাটো প্ৰায় অসম্ভৱ ।
নুনমাটিত এজন লোকৰ দেহত কভিড পজিটিভ
নুনমাটিত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত ধৰা পৰিছে Covid-19 পজিটিভ ৷