COVID-১৯ ৰোগীৰ চিকিৎসাৰ বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধ আমদানীৰ নতুন নিয়ম কেন্দ্ৰ চৰকাৰৰ
COVID-১৯ ৰোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত । ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে অনুকম্পা ব্যৱহাৰৰ (compassionate use) বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধৰ আমদানীৰ নতুন নিৰ্দেশাৱলী জাৰী কেন্দ্ৰীয় চৰকাৰৰ ।
কোভিড-19ঃ বিশ্বজুৰি শেহতীয়া তথ্য
সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭০,৮১,৮১১ জন হোৱাৰ বিপৰীতে এই পৰ্যন্ত মৃত্যুৰ সংখ্যা ৪,০০,০০০তকৈও অধিক বুলি জানিব পৰা গৈছে । ইফালে নিউজিলেণ্ডত শেষৰজন ব্যক্তি ফেব্ৰুৱাৰীৰ শেষৰ ফালে ধৰা পৰাৰ পিছত নিউজিলেণ্ডে সোমবাৰে দেশখনত সম্পূৰ্ণৰূপে কৰ'ণা ভাইৰাছ নিৰ্মূল হোৱা বুলি ঘোষণা কৰে ।
আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী
প্ৰবল ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও যিকোনো কামত হেঙাৰ হ'ব নোৱাৰে ৷ তাকেই যেন প্ৰমাণ কৰি দেখুৱালে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ মেধাৱী ছাত্ৰী নিলাক্ষী বৰাই ।
এসময়ত পাচলি বিক্ৰী কৰা ল'ৰাটোৰ ফলাফলত গৌৰাৱাম্বিত অঞ্চলবাসী
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী, সমাজ-বিজ্ঞান, সাধাৰণ- বিজ্ঞান আৰু হিন্দী বিষয়ত লেটাৰ মাৰ্ক সহ ৮১ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ হৈছে উত্তম দাস নামৰ ছাত্ৰজন ৷ উত্তমৰ সপোন বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ ৷
দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী
মৰিগাঁও নটুৱা গাঁৱৰ নেউলাবড়ীৰ চহা নিবাসী মৃদুল নাথ আৰু অংগণবাড়ী সহায়িকা জ্যোতিকা দেৱীৰ কন্যা বৰ্ণালী দেৱীয়ে লাভ কৰিছে সৰ্বমুঠ 597 নম্বৰ।