অসম

assam

ETV Bharat / state

10 বজাৰ শীৰ্ষ বাতৰি সমূহ - 7 PM

10 বজাৰ শীৰ্ষ বাতৰি সমূহ

Top 10 News 7 PM
10 বজাৰ শীৰ্ষ বাতৰি সমূহ

By

Published : Jun 1, 2020, 7:41 PM IST

Updated : Jun 1, 2020, 10:50 PM IST

কৰিমগঞ্জত গণ প্ৰহাৰত মৃত্যু এজন অভিযুক্ত চোৰৰ

কৰিমগঞ্জৰ পুতনি চাহ বাগিছাত ৰাইজে আটক কৰে দুজন স্থানীয়ৰ লগতে দুজন বাংলাদেশী অভিযুক্ত গৰু চোৰ ৷ ইয়াৰে এজন বাংলাদেশী অভিযুক্তৰ গণ প্ৰহাৰত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আটকাধীন লোক কেইজন পুতনি চাহ বাগিছাৰ প্ৰদীপ তান্তি,উমাশংকৰ কৈৱৰ্ত আৰু বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ ছিলুৱা চাহ বাগিছাৰ মলোন মুণ্ডা বুলি জানিব পৰা গৈছে ৷

আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা

সোমবাৰে আনল'ক ১ৰ বাবে চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানত স্বাস্থ্য বিধি আৰু সামাজিক দুৰত্ব বজাই চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনৰ লোকে ৷

যোৰহাটত পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি দিয়া হয় ৷ অব্যাহতি দিয়া আটাইকেই গৰাকী ৰোগী গোলাঘাটৰ বুলি জানিব পৰা গৈছে ৷ ৰোগী কেইগৰাকীয়ে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ চিকিৎসাত অতিশয় সুখী তেওঁলোকক ৷ চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীৰ নেৰানেপেৰা প্ৰচেষ্টাত ৰোগী কেইজন আৰোগ্য হৈ উঠা বুলি মন্তব্য প্ৰদান কৰে ৷

নগাঁৱত ৩৯ জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা

নগাঁৱত ৩৯ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ লোকৰ সংখ্যা । জনসংযোগ বিভাগে সদৰি কৰিছে এই তথ্য ৷ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বৃদ্ধি পাইছে ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইতিমধ্যে নগাঁৱত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পায়। নগাঁও জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ৭ জনকৈ লোকৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ উপস্থিতি । ইতিমধ্যে ৩৬ জন কৰ'ণা আক্ৰান্ত লোক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।

হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা

বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে হাতীমৰা গাঁওৰ কঁপিলীৰ মাথাউৰীত গড়া খহনীয়াৰো পৰ্যবেক্ষণ কৰে ৷ কামৰ সলনি নিজৰ চৰকাৰৰ গুণ গানহে গালে মুখ্যমন্ত্ৰীয়ে ৷

দিল্লীৰ তথ্য আইএছআইক প্ৰদান কৰা তিনি পাকিস্তানী ধৃত

দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ যুটীয়া অভিযানত সোমবাৰে তিনিগৰাকী পাকিস্তানী আমোলাক আটক কৰা হয় ৷ নতুন দিল্লীস্থিত পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত তিনিওগৰাকী আমোলাই নতুন দিল্লীৰ গোপন তথ্য চুৰি কৰি সেয়া আইএছআইক প্ৰদান কৰি আহিছিল ৷

ন্যায়াধীশসকলৰ সুবিধাৰ্থে নতুন এপ' মুকলি কৰিব চৰকাৰে

কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ যুটীয়া সচিব জি আৰ ৰাঘবেন্দ্ৰই চৰকাৰ ন্যায়াধীশসকলৰ সুবিধাৰ্থে এটা নতুন এপ' মুকলি কৰাৰ কথা উল্লেখ কৰে । ৰাঘবেন্দ্ৰই উল্লেখ কৰা অনুসৰি এই এপ'ৰ জৰিয়তে ন্যায়াধীশসকলে তেঁওলোকৰ পূৰ্বৰে পৰা ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব । ইয়াৰ উপৰি চৰকাৰে দেশৰ ন্যায় ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ বাবে ন্যায়ালয়ত তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত গুৰুত্ব দিয়াৰ কথাও যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰে ।

টীয়কত আশা কৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ

যোৰহাটৰ টীয়কৰ অন্তৰ্গত কাকজান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আশা কর্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন ৷ উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী জিলা আশা কৰ্মী সন্থাৰ ৷

কৰিমগঞ্জত গণ প্ৰহাৰত মৃত্যু এজন অভিযুক্ত চোৰৰ

কৰিমগঞ্জৰ পুতনি চাহ বাগিছাত ৰাইজে আটক কৰে দুজন স্থানীয়ৰ লগতে দুজন বাংলাদেশী অভিযুক্ত গৰু চোৰ ৷ ইয়াৰে এজন বাংলাদেশী অভিযুক্তৰ গণ প্ৰহাৰত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আটকাধীন লোক কেইজন পুতনি চাহ বাগিছাৰ প্ৰদীপ তান্তি,উমাশংকৰ কৈৱৰ্ত আৰু বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ ছিলুৱা চাহ বাগিছাৰ মলোন মুণ্ডা বুলি জানিব পৰা গৈছে ৷

জাপি প্ৰস্তুতকৰণত ব্যস্ত আমগুৰীবাসী

ৰাজ্যত ক্ৰমান্বয়ে সমাদৰ লাভ কৰিছে জাপিয়ে ৷ লখিমপুৰ জিলাৰ এখন গাঁৱত লক​ ডাউন নেওচি প্ৰস্তুত কৰা হৈছে হাজাৰ হাজাৰ জাপি ৷ লক​ ডাউনৰ ফলত লোকচানৰ সন্মুখীন হ’লেও এওঁলোকে এৰা নাই জাপি সজাৰ পৰম্পৰা ৷

Last Updated : Jun 1, 2020, 10:50 PM IST

ABOUT THE AUTHOR

...view details