এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত
সোমবাৰে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত দলৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক । এই ক'ৰ কমিটিৰ বৈঠকত আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ কৰিবলৈ আৰু মহাজোটৰ পৰা এ আই ইউ ডি এফক বিদায় দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে চৰকাৰে গঠন কৰিব 7 খন কমিটী
চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত হামদেৰ মনেৰ কথা শীৰ্ষক এক বৈঠক অনুস্থিত হয় । চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ দিশে চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু নেতৃত্বস্থানীয় ব্যক্তিসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ এক বাৰ্তালাপ অনুষ্ঠান হয় ।
শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰ সন্দৰ্ভত 34 টা ছাত্ৰ সংগঠনেৰে মিলিত শিক্ষামন্ত্ৰী
"গুৱাহাটী মহানগৰীত যদিহে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীৰ বাবে আসনৰ নাটনি হয়, তেতিয়া হ'লে বিয়লি আৰু নৈশ শাখাত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব ৷" এই আশ্বাস প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
অৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা: গৌৰৱ গগৈ
বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই আশা সকলো কাম-কাজ বাদ দি বিধায়ক কিনা অভিযানতহে নামি পৰিছে । সোমবাৰে কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত ভাগ লোৱাৰ অন্তত সাংবাদিকৰ আগত এই মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷
মিত্ৰতা ভংগ : অকলে উপ-নিৰ্বাচনত নামিব AIUDF
তিনি সমষ্টিৰ উপ নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিব AIUDF য়ে । গোসাঁইগাঁও, তামুলপুৰ, ভবানীপুৰ সমষ্টিত নিৰ্বাচন খেলিব দলটোৱে ৷