অসম

assam

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - 9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jun 1, 2021, 9:03 AM IST

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ । নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আনন্দ মিশ্রৰ প্ৰশংসা এতিয়া নগাঁওবাসীৰ মুখে মুখে । বহুতেই জ্ঞাপন কৰিছে সম্বৰ্ধনা । নগাঁও খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ হাতৰ পৰশত প্ৰাণ পাইছে আনন্দ মিশ্রৰ প্ৰতিচ্ছবি ।

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত শিৱ থাপাৰ পৰাজয়

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত মেচত পৰাজয়বৰণ বক্সাৰ শিৱ থাপা আৰু অমিত পাংঘাল ৷ 2-3 গ’লৰ ব্যৱধানত পৰাজিত দুয়োগৰাকী বক্সাৰ ৷

মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অসমত এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ।

98 বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত ৯৮ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক ৷ ব্ৰিটিছ বিৰোধী যুঁজত জয়লাভ কৰা নগাঁৱৰ নৰেন্দ্ৰ নাথ দাধৰাই ক'ভিড বিৰোধী যুঁজতো লাভ কৰিলে সফলতা ৷

মিজোৰামত এএছএফৰ সংহাৰ: মৃত্যু 4832 টা গাহৰিৰ

21 মাৰ্চৰ পৰা 31 মে’ৰ ভিতৰত মিজোৰামত 4,832 টা গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মতে কেৱল 31 মে’ত 81 টা গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত কৱলত পৰি মৃত্যু হৈছে ৷

যোৰহাটত মুকলি ১০খন অট'ৰ এম্বুলেন্স সেৱা

সোমবাৰে যোৰহাটত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ১০ খন অট'ৰ এম্বুলেন্স সেৱা ৷ ইয়াৰ লগতে যোৰহাটবাসীৰ সুবিধাৰ্থে মুকলি ক’ভিড সম্পর্কীয় তথ্য নাইবা ২৪ ঘণ্টাই এম্বুলেন্স সেৱাৰ দৰে সুবিধা লাভ আদি সকলো সন্নিবিষ্ট থকা এটা ৱেবছাইড ৷

ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ’ব 450 জন চিকিৎসক

তিনিচুকীয়া জিলাত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে এদল সেনানীয়ে

ডিব্ৰুগড়ত পৌৰসভাৰ চাফাই কৰ্মী তথা ‘প্ৰয়াস’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলৰ প্ৰশংসনীয় পদক্ষেপ ৷ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা সকলো লোকৰে শেষকৃত্য সম্পন্ন কৰিছে এই সেনানী দলটোৱে ।

নৱজাতকক বিক্ৰী কৰি আৰক্ষীৰ জালত আশাকৰ্মী

তেজপুৰত এগৰাকী আশাকৰ্মীয়ে এটি পৰিয়ালৰ দৰিদ্ৰতাৰ সুযোগ লৈ 30 হাজাৰ টকাত এটি নৱজাতকক বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে অভিযুক্ত আশাকৰ্মীৰ লগতে নৱজাতকটি ক্ৰয় কৰা লোকজনকো আটক কৰিছে আৰক্ষীয়ে ৷

ছিণ্ডিকেটৰে জড়িত নেকি ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক ?

বিভিন্ন ছিণ্ডিকেটৰ দুৱাৰ মুখ হিচাপে চিহ্নিত হোৱা ধুবুৰীত ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপ । বিভিন্ন ছিণ্ডিকেটৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ধুবুৰী জিলাৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাস সহ দুজন লোক ।

ABOUT THE AUTHOR

...view details