চলিত বৰ্ষত অনুষ্ঠিত নহয় দেশৰ ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'
মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপ্ৰতিয়ে অংশগ্ৰহণ কৰিবলগীয়া আইকনিক ৰেড ফ্ৰন্টদিল্লীৰ সবাতকৈ ডাঙৰ 'ৰামলীলা' উৎসৱ চলিত বৰ্ষত মহামাৰী ক'ভিড-19 ৰ বাবে অনুষ্ঠিত নহয় ৷ উল্লেখ্য যে, বিগত 80 বছৰৰ পৰা অনুষ্ঠিত হৈ অহা উৎসৱটো প্ৰথমবাৰৰ বাবে চলিত বৰ্ষত অনুষ্ঠিত নহ'ব ৷
পৰিয়ালৰ অনুমতি অবিহনে হাথৰছৰ যুৱতীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিছিল প্ৰশাসনে !
আদালতত হাথৰছৰ ভুক্তভোগী পৰিয়ালৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ পৰিয়ালৰ অনুমতি অবিহনে যুৱতি গৰাকীৰ অন্তিম সৎকাৰ কৰা হৈছিল ৷ লগতে, গোচৰ CBI ৰ হাতত অৰ্পন কৰাৰ দাবী পৰিয়ালৰ ৷
ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি 826 গৰাকীলৈ
মঙলবাৰৰ দিনটোলৈকে ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 1,95,304 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 826 গৰাকীয়ে ৷ আক্ৰান্তসকলৰ ভিতৰত 1,64,579 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰে ৷
প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতবৰ্ষৰ আত্ম নিৰ্ভৰশীলতা
২০১৪ চনলৈকে ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগে ২১০ খন অনুজ্ঞাপত্ৰহে জাৰি কৰিছিল ৷ কিন্তু বিগত পাঁচ বছৰত এই সংখ্যা বৃদ্ধি হৈ ৪৬০ খন হয়গৈ ৷ অস্ত্ৰ ক্ৰয় কৰা দেশসমূহৰ তালিকাত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত অৱস্থান কৰা দেশ ভাৰতবৰ্ষই অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ তালিকাত ২৩ নং স্থানতহে অৱস্থান কৰে ৷
ৱেব পৰ্টেলৰ সাংবাদিকক এইবাৰ প্ৰশাসনে লগাব নাকী !
সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত এখনি জৰুৰী সভা অনুষ্ঠিত হৈ যায় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই ৷ সভাত ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি তথা জেষ্ঠ্য সাংবাদিক অশ্বিনী দুৱৰা আৰু দিলিপ কুমাৰ হাজৰিকাৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷
নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণৰ সংবাদমেল সম্বোধন
উজনি অসমৰ নন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সোমবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ বিভিন্ন সমস্যা সমাধানৰ দাবীত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সম্বোধন কৰে এই সংবাদমেল ৷
আইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা
দিল্লী কেপিটেলছৰ তীব্ৰবেগী বলাৰ ঈশান্ত শৰ্মাক আইপিএল-2020ৰ পৰা বাহিৰ কৰা হৈছে ৷ প্ৰশিক্ষণৰ সময়ত হোৱা মাংসপেশীৰ বিষৰ বাবে খেলৰ পৰা বাহিৰ হৈছে খেলুৱৈ গৰাকী ৷
কৰিমগঞ্জত সংবাদমেল সম্বোধন ৰকিবুল হুছেইনৰ
পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলে জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিলে ৰাজ্যত সম্প্ৰতি বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰী সকলক প্ৰদান কৰিব বকেয়া ধন ৷ এই ঘোষণা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ ৷
গো-মাফিয়া আদম আলীক 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
হিন্দী বোলছবি সিংঘমৰ ষ্টাইলত সোমবাৰে মষ্ট ৱান্টেড আদম আলীক গাড়ীৰ পৰিৱৰ্তে ধুবুৰী সদৰ আৰক্ষী থানাৰ পৰা খোজকঢ়াই নি আদালতত হাজিৰ কৰোৱা হৈছিল । ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই সন্দৰ্ভত কয় যে, আদম আলী কেৱল গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাই নহয়, দেশ বিৰোধী বিভিন্ন চক্ৰৰ সৈতে আদম আলীৰ সম্পৰ্ক আছে ।
COVID-19 ত আক্ৰান্ত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ
বিধায়ক শিলাদিত্য দেৱৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ সম্প্ৰতি নিজ বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছে বিধায়ক গৰাকী ৷