অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ - পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ

পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ

TOP 10 AT 9AM
পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ

By

Published : Oct 10, 2020, 9:04 AM IST

13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেললৈ নাডাল

পেৰিচত হৈ থকা 13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাফেল নাডালে ৷ 34 বৰ্ষীয় খেলুৱৈগৰাকীয়ে 6-3, 6-3, 7-6 (7/0)ৰে পোনপটীয়া ছেটত আৰ্জেন্টিনাৰ ডিয়াগ' ছ্ৱাৰ্টজমানক পৰাস্ত্ৰ কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ ফাইনেলত নভাক জ'কভিছৰ সৈতে মুখামুখি হ'ব নাডাল ৷

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ চিনগুম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা ৷ শনিবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা এই সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে ৷

হিমন্তই বন্ধ কৰিলেও আজমলে খুলিব মাদ্ৰাছা-টোল

চৰকাৰে বন্ধ কৰিব মাদ্ৰাছা-সংস্কৃত টোল৷ ইতিমধ্যে কেবিনেটত লোৱা এই সিদ্ধান্তৰ সফল সম্পাদন হ’ব নৱেম্বৰৰ পৰা ৷ চৰকাৰী খৰচেৰে ধৰ্মীয় শিক্ষা দিয়া নহয় কোনো কাৰণত ৷ অৱশ্যে কোনোবাই যদি ব্যক্তিগতভাৱে এই শিক্ষা গ্ৰহণ কৰে তাত চৰকাৰৰ আপত্তি নাই ৷ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ৷

কৌমুদালয়: এজাক শিশুৰ জীৱনৰ জয় গান

এগৰাকী বিশেষভাৱে সক্ষম ছোৱালীক লৈ এগৰাকী মহিলাই গঢ় দিয়া এক অনুষ্ঠান কৌমুদালয়ত ঘৰ পাতিছে এজাক শিশুৱে ৷ কিদৰে চলিছে কৌমুদালয় ? চৰকাৰে শিশুৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰি বহু আইন,নিয়ম,আঁচনি প্ৰকৃতাৰ্থত লাভ কৰিছে নে কৌমুদালয়ে ?

ক'ৰণা প্ৰতিৰোধৰ উদ্দেশ্যৰে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ

ক'ৰণা সংক্ৰমন ৰোধৰ বাবে শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৱে একেলগে পাঠ কৰিলে শপত বাক্য ৷ মৰিগাঁৱৰ এখন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে ল'লে এই পদক্ষেপ ৷ জিলাখনত ক'ভিড সংক্ৰমনৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

অনুভূতিৰ চৌপাশেৰে শৰৎ আহিছে

শৰতৰ শাৰদীয় জোনাকত অনুভৱী হৈ পৰে সকলোৰে মন প্ৰাণ ৷ অনুভূতিৰ চৌপাশে আদৰি আনে শেৱালীৰ মিঠা সুৱাস ৷ আকাশে হাঁহে জোনাকৰ সতে সন্ধিয়াৰ আকাশৰ ন- সৌন্দৰ্যত বিলীন হৈ পৰে ঋতু ৰাণীৰ আবেগ ৷

হিন্দু বাঙালীৰ নতুন ৰাজনৈতিক দলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সুকুমাৰ বিশ্বাসৰ

" বিগত 70 বছৰে কংগ্ৰেছে বাঙালী হিন্দুৰ নাগৰিকত্বৰ নামত ষড়যন্ত্ৰত লিপ্ত হৈ থাকিল ৷ বিজেপিয়ে তেওঁলোকৰ বাবে আইন আনি সুৰক্ষিত কৰিব খুজিছে ৷ গতিকে বিজেপি প্ৰতাৰক বুলি কোৱাটো গ্ৰহণযোগ্য নহয় ৷ " : সুকুমাৰ বিশ্বাস

সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ পথাৰলৈ ভোজপুৰী কুইন কল্পনা পাটোৱাৰী

কল্পনা পাটোৱাৰীয়ে পূৰ্বে বিহাৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল। অসমলৈ প্ৰত্যাৱৰ্তন কৰিয়েই অগপ দলত যোগদান কৰে শিল্পীগৰাকীয়ে।

মেঘালয়ত বঙালি সম্প্ৰদায়ৰ লোকৰ ওপৰত নিৰ্যাতন

মেঘালয়ত বঙালি সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে বঙালি ব্যবসায়ী সন্থাৰ প্রতিবাদৰ প্ৰতি সৰ্মথন বৰাক যুৱ মঞ্চ নামৰ স্বেচ্ছাসেবী সংগঠনৰ ৷

মন্দিৰ নিৰ্মাণৰ ধন সৰকালে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই !

মৰিগাঁৱত মানিপুৰ ৬ নং তিৱা স্বায়ত্ব পৰিষদত চৰকাৰী আঁচনিৰ নামত লুণ্ঠনৰাজ অব্যাহত । মন্দিৰ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ।

ABOUT THE AUTHOR

...view details