বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পণ
শনিবাৰে অৰুণাচলৰ লাজুত ৬নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ স্বাধীন গোটৰ জ্যেষ্ঠ নেতা লেঃ কৰ্ণেল বিজয় দাস ওৰফে ভদ্ৰেশ্বৰ দাস ওৰফে মন্টু অসমে ৷ ১৯৮৯ চনতে আলফাত যোগদান কৰা বৰ্ষীয়ান নেতা গৰাকীয়ে ৷
ছেইফি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন বদৰুদ্দিন আজমল
মুম্বাইৰ ছেইফি হাস্পতালৰ আই চি ইউত ভৰ্তি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক ৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে সাংসদগৰাকীয়ে ৷ দেওবাৰে দ্বিতীয়বাৰ স্বাৱ পৰীক্ষা কৰোৱাত ক'ভিড-19 ধৰা পৰে তেওঁৰ দেহত ৷
ৰাজ্যত পুনৰ 735গৰাকীৰ দেহত ধৰা পৰিল কোভিড-19
ৰাজ্যত পুনৰ 735গৰাকী আক্ৰান্ত হয় কোভিড-19ত ৷ ইয়াৰে,400গৰাকীয়ে গুৱাহাটী মহানগৰীৰ বুলি আক্ৰান্ত হৈ আছে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে উল্লেখ কৰে ৷
বিগত এমাহে বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী
বৰপেটাৰ বৰডাঙ্গা আৰু কামাৰপাৰা অঞ্চলৰ বানপীড়িত লোকসকলৰ ওচৰত উপস্থিত হোৱা নাই বৰপেটা জিলা প্ৰশাসন ৷ বেঁকী নৈৰ বাঢ়নি পানীয়ে ভাবুকি কঢ়িয়াই অনা বৰডাঙ্গা মথাউৰী মেৰামতিৰ ক্ষেত্ৰতো জলসম্পদ বিভাগৰ নাই কোনো গুৰুত্ব ৷
কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে শচিন পাইলটে!
আজি অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে৷ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে এই কথা উল্লেখ কৰি কয় যে,'' ত্ৰিশৰো অধিক কংগ্ৰেছৰ স্বতন্ত্ৰ বিধায়কৰ লগতে অশোক গহলোট চৰকাৰে মোক পূৰ্ণৰূপত সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে''৷