অসম

assam

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 9, 2021, 9:05 AM IST

Published : Feb 9, 2021, 9:05 AM IST

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন

কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত বাগৰি পৰিল চিমেন্ট ভৰ্তি ট্ৰাক ৷ থিতাতে নিহত ট্ৰাকখনৰ 3 জনকৈ কৰ্মচাৰী ৷

নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

এইবাৰ ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি নগাঁৱত ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। জিন্দাবাদ, মুর্দাবাদৰ বিপৰীতে ব্যতিক্ৰমী শ্ল'গান প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ। পথ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাৱস্ত্য কৰা দেখা যায়।

দিহা নাম, জিকিৰ-জাৰী পৰিবেশনেৰে বটদ্ৰৱাত আজমলৰ সভা

দিহা নাম, জিকিৰ জাৰি পৰিবেশনেৰে বটদ্ৰৱাত অনুস্থিত হ’ল আজমলৰ সভা । সভাত আজমলৰ জিন্দাবাদ ধ্বনি লগতে শ্ৰীমন্ত শংকৰদেৱৰো জিন্দাবাদ ধ্বনি । আজমলৰ দাবী, এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৩৫ খনহে আসন লাভ কৰিব বুলি কৰিলে দাবী।

তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

মহানগৰীৰ খানাপাৰা পশুধন পাম খেলপথাৰত সোমবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা। কৃষিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক উৎসাহিত কৰা লক্ষৰে আয়োজন কৰা হৈছে এই মেলা।

নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীত ব্যাপক ৰদবদল

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সোমবাৰে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি ঘটাইছে গৃহ বিভাগে । সেই অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়স্থিত লামহাও ডুংগেলক পুলিচ কমিচনাৰেট গুৱাহাটীৰ সহকাৰী উপ-আৰক্ষী আয়ুক্ত (অপৰাধ) শাখাৰ দায়িত্ব দিয়া হৈছে ।

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত 5 জনক গ্ৰেপ্তাৰ

প্ৰি-মেট্ৰিক সংখ্যালঘু ছাত্ৰবৃত্তি কেলেংকাৰীৰে জড়িত পাঁচজনক গ্ৰেপ্তাৰ চিআইডিৰ ৷ আটকাধীন লোককেইজন ক্ৰমে নুৰ হক(38), গুলাম মুস্তাফা(27), আজাদ ৰফিকুল ইছলাম(41), মনিৰুদ্দিন(25), আজিজুল হক(28) বুলি জানিব পৰা গৈছে ৷
কাকজানত কংগ্ৰেছৰ বুথ সন্মিলনত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী

সোমবাৰে কাকজানত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুথ সন্মিলনত ভাগ লয় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ সমাগত নিৰ্বাচনত সকলোকে একগোট হ’বলৈ আহ্বান জনায় ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নিৰ্মাণ নহয় ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ঘাইপথ: নীতিন গাডকাৰী

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ঘাইপথ নিৰ্মাণৰ কেন্দ্ৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই ৷ সোমবাৰে এই মন্তব্য প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

ডিব্ৰুগড়ৰ জকাইত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

ডিব্ৰুগড় জিলাৰ জকাইত মনোজ ধানোৱাৰৰ উপস্থিতিত শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছ দলত ৷ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰতিগৰাকী সদস্যক ফুলাম গামোচাৰে আদৰণী জনাই সভাত উপস্থিত কংগ্ৰেছ নেতৃত্বই ৷

কৃষক বিদ্ৰোহ: অচলাৱস্থাৰ অৱসানে অকলেই চৰকাৰৰ ভাৱমূৰ্ত্তি সলনি কৰিব

আমি ভাৰতীয় জনগণে” সংবিধানৰ জৰিয়তে আমাক নিজকে শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে অধিকাৰ দিছোঁ বুলি আমোলাতন্ত্ৰ অৱগত নাছিল নে কি ? যি সময়ত কৃষকসকলে আইন কেইখন প্ৰত্যাখ্যান কৰিছে, সেই একে সময়তে এই আইন কেইখনে তেওঁলোকৰ হিত সাধন কৰিব বুলি চৰকাৰে অসাধাৰণ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details