FIFA world Cup 2022: বিশ্বকাপ আৰ্জেন্টিনাৰ হাতত
কাটাৰত অনুষ্ঠিত ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপ 2022 ৰ খিতাপ দখল আৰ্জেন্টিনাৰ ৷ খেলৰ প্ৰথমাৰ্ধতে দুটাকৈ গ’ল কৰি আধিপত্য স্থাপন কৰে আৰ্জেন্টিনাই
APCC leader may join BJP: থৰক-বৰক প্ৰদেশ কংগ্ৰেছ, কোনে কোনে মেলিছে গেৰুৱা হোৱাৰ মন ?
পুনৰ খহনীয়া হোৱাৰ দিশে আগবাঢ়িছে অসম প্ৰদেশ কংগ্ৰেছ ৷ উজনীৰ দুগৰাকী কংগ্ৰেছ নেত্ৰী শীঘ্ৰেই বিজেপিলৈ যাব বুলি চলিছে সৰৱ চৰ্চা ৷ যাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰে চলিছে সঘন যোগাযোগ ৷
Yoga competition : অসমত প্ৰথমবাৰলৈ যোগাসন প্ৰতিযোগিতা
সদৌ অসম মাষ্টাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচন উদ্যোগত আৰু বঙাইগাঁও জিলা যোগাসন স্পৰ্টছ এছ'চিয়েচনৰ সহযোগত দেওবাৰে বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে অসম ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়(Yoga competition in Assam) ৷ বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই যোগাসন প্ৰতিযোগিতাৰ (Yoga competition held in Bongaigaon) ৷ 28 বছৰৰ পৰা 55 বছৰ বয়সৰ ভিতৰৰ পুৰুষ আৰু মহিলা দুয়ো শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
Cattle smuggling in Rupahihat: ৰূপহীহাট আৰক্ষীৰ জালত চোৰাং গৰুসহ সৰবৰাহকাৰী
ৰূপহীহাটত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Cattle smuggling in Assam) । ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ এখন চাৰিচকীয়া বাহন । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলাইছিল অভিযান । আৰক্ষীয়ে অভিযানৰ সময়ত কাৱৈমাৰী চাৰিআলিৰ পৰা জব্দ কৰে চাৰিটাকৈ চোৰাং গৰু(Cattle smuggling in Rupahihat) । লগতে আটক কৰে দুই সৰবৰাহকাৰীক(Smugglers arrested with cattle in Rupahihat) । ধৃত গৰু সৰবৰাহকাৰীকেইটা ক্ৰমে ৰচিদুল হক আৰু হাফিজুৰ ৰহমান বুলি জানিব পৰা হৈছে । অবৈধ চোৰাং গৰু সৰবৰাহকাৰীয়ে লখিমপুৰৰ পৰা চোৰাং গৰু ভৰ্তি বাহনখন আনিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ কাৱৈমাৰী আৰক্ষীয়ে সম্প্ৰতি চোৰাং গৰুকেইটাক গৌশালালৈ প্ৰেৰণ কৰিছে ৷
PM Modi in Meghalaya: উত্তৰ-পূৱত এতিয়া AFSPA ৰ প্ৰয়োজন নাই: প্ৰধানমন্ত্ৰী
"যোৱা ৮ বছৰত কেইবাটাও উগ্ৰপন্থী সংগঠনে হিংসাৰ পথ এৰি শান্তিৰ পথ অনুসৰণ কৰিছে (Numerous NE rebel groups came to peace talks) । ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে পৰিস্থিতিৰ উন্নতি ঘটিছে ৷ যাৰ বাবে আফছপাৰ (AFSPA) এতিয়া কোনো প্ৰয়োজন নাই (AFSPA in NE India)৷" দেওবাৰে শ্বিলঙত এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ৷