আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা
আজি নিৰ্মাণ আৰু কাৰিকৰী শিক্ষাৰ সৈতে জড়িতসকলৰ আৰাধ্য দেৱতা বিশ্বকৰ্মাৰ বাৎসৰিক পূজা অৰ্চনাৰ দিন(Vishwakarma Puja 2022) । প্ৰতিবছৰৰ ১৭ ছেপ্টেম্বৰৰ দিনটোত পালন কৰা হয় বিশ্বকৰ্মা পূৰ্জা।
বৰ্তমান যুদ্ধৰ যুগ নহয়, মোডীয়ে পুটিনক উদ্দেশ্যি কয়
‘‘এতিয়া যুগ যুদ্ধৰ নহয় (Today’s era is not of war said PM Modi) । ভাৰত-ৰাছিয়াই কেইবা দশক ধৰি ইজনে সিজনৰ সৈতে একেলগে আছে ৷ গতিকে সকলো শান্তিৰে আৰু আলোচনাৰ মাজেৰে সম্পন্ন কৰিব লাগে’’ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে এক বৈঠকত মিলিত হৈ কৰে এই মন্তব্য ৷
বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত পঞ্চম বাৰ্ষিকী ৰাষ্ট্ৰীয় পোষণ মাহ পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিহালীৰ বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত খণ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে (national nutrition month celebrated in Bedeti )৷
বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি
বিগত কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ'ব পাৰে যে জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহ বোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে । তদুপৰি প্ৰতিবছৰে জুলাই, আগষ্ট, ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে সাধাৰণতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পাইছে । বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ এ পি ডি চি এলক নিৰ্দেশ মুখ্যমন্ত্রীৰ।
বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী
শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ টুইট যোগে ঘোষণা কৰে যে চৰকাৰে কোনো ধৰণে বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই ৷ বৰং নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰত হোৱা বিসংগতি আৰু ভুল মিটাৰ ৰিডিঙৰ বাবেহে এইদৰে একাংশ গ্ৰাহকলৈ আহিছে অভাৱনীয় হাৰত বিদ্যুতৰ বিল ৷