মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ
ৰাজ্যসভা নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ আভ্যন্তৰত । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে' পুৰকায়স্থই শনিবাৰে ঘটালে আন এক মহাবিস্ফোৰণ (kamalakhya dey purkayastha's controversial statement against AIUDF) ।
APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন
যোৱা সময়চোৱাত অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন শনিবাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰে । জানো আহক ন্যায়াধীশ শৰ্মাই ইটিভি ভাৰতক এই সন্দৰ্ভত কি ক’লে (justice Biplab kumar Sarma on APSC scam) ৷
Firing in Arunachal Pradesh: সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক
মাছ ধৰিবলৈ যোৱা দুই যুৱকৰ ওপৰত গুলীচালনা সেনাৰ ৷ আহত হয় দুজন নিৰীহ যুৱকৰ । অৰুণাচলৰ টিৰাপ জিলাৰ কাছগাঁৱত সংঘটিত হয় এই ঘটনা (Youth injured in firing by Indian Army) ৷
Assam Cabinet: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শনিবাৰে কইনাধৰাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট বৈঠকত গুণগত শিক্ষাৰ লক্ষ্যৰে বিদ্যালয় স্থাপন, প্ৰকৃতি সংৰক্ষণ, ভূমি জোখৰ সমতা স্থাপন, জাতিগত প্ৰমাণপত্ৰ জাৰি আদি বিভিন্ন দিশ সাঙুৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ৰাজ্যৰ ১২৬ টা সমষ্টিত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্রীৰ
কলাক্ষেত্ৰত নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ হাইস্কুলসমূহৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজন কৰা শৈক্ষিক কৰ্মশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২২ খন আদৰ্শ হাইস্কুল অহা বছৰৰ পৰা কাৰ্যকৰীকৰণ কৰাৰ লগতে ৮১ খন অতিৰিক্ত আদৰ্শ হাইস্কুল স্থাপন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma declares establishment of model school)।