ৰাজপথত গুণ্ডাগিৰি কৰি নিলম্বিত হ’ল কনিষ্টবল ফকৰুদ্দিন আহমেদ
পল্টন বজাৰত গুণ্ডাগিৰি কৰা আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন ৷ তাৎক্ষনিকভাৱে বলৱৎ হোৱাকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে জাৰি কৰিলে নিলম্বনৰ নিৰ্দেশনা (Constable suspended after beating man in public place)৷
Rajya Sabha Election: ৰাজ্যসভাৰ এখন আসনত বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন(Rajya Sabha Election 2022) । ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব পৱিত্ৰ মাৰ্ঘেৰিটা (BJP names Pabitra Margherita for one Rajya Sabha seat) । এই পৰ্যন্ত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰা নাই নিজা অথবা মিত্ৰদল ইউ পি পি এলৰ কোনো প্ৰাৰ্থীৰ নাম ।
Mishap During Holi In Kamalpur: দৌলোৎসৱৰ মাজতে কমলপুৰৰ বৰডেকপাৰত অঘটন
চৌদিশে দৌল উৎসৱৰ আনন্দ অব্যাহত থকাৰ মাজতে কমলপুৰৰ বৰডেকপাৰত অঘটন(Mishap During Holi In Kamalpur) । নৈত গা ধুবলৈ গৈ মৃত্যুক সাৱতিলে দুজন যুৱকে(Youths died while bathing after playing holi in Puthimari river) ৷ শুকুৰবাৰে ফাকু খেলি পুঠিমাৰী নৈত গাঁ ধুবলৈ গৈছিল চাৰিজনীয়া যুৱকৰ এটা দল ৷
আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়ামত মুখ্যমন্ত্ৰী
আমিনগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শুকুৰবাৰে নিৰ্মীয়মান আমিনগাঁও ইণ্ডোৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM at Amingaon indoor stadium) । উল্লেখ্য যে, অত্যাধুনিক ৰূপত গঢ় দিয়া হ'ব এই ষ্টেডিয়ামখন । ষ্টেডিয়ামখনৰ লগত সংলগ্ন কৰি আন এখন ষ্টেডিয়াম নিৰ্মাণৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Burmese supari Burned in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি
কৰিমগঞ্জৰ বদৰপুৰত বদৰপুৰ আৰক্ষীয়ে জ্বলালে কেইবা লাখ টকাৰ বাৰ্মিজ চুপাৰি (Police burned large quantity of illegal Burmese supari) ৷ কিছুদিন পূৰ্বে দৰপুৰ আৰক্ষীয়ে মহাকাল গুদামৰ পৰা জব্দ কৰিছিল এই বাৰ্মিজ চুপাৰিখিনি ৷