Assam Municipal Election 2022: কোনে মাৰিব শেষ হাঁহি?
আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ ভোটগণনা(Municipal Election Results) ৷ ভোট গণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷ সকলোৰে দৃষ্টি এতিয়া, কাৰ দখললৈ যাব পৌৰসভা(Municipal Election Results)...
Manipur Election 2022 : ভোটগণনাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীসকলক একেলগে ৰখাৰ প্ৰচেষ্টা
10 মাৰ্চত ঘোষণা কৰা হ’ব মণিপুৰ বিধানসভাৰ নিৰ্বাচন (Manipur Election 2022) ৰ ফলাফল ৷ তাৰ পূৰ্বে যাতে মণিপুৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীসকলে আন দলসমূহ বিশেষকৈ বিজেপিৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰে, তাৰ বাবে সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে (Congress planning to keep candidates together to avoid poaching attempt) ৷
ভয়ৰ সৃষ্টি কৰি সম্পত্তি দখলৰ চেষ্টা চলাই বিপদত পৰিছে ইৰান
আকৌ এবাৰ বন্দী হ’বলগীয়া হ’ল ইৰান ৷ ভয় ভাবুকিৰে সম্পত্তি দখলৰ চেষ্টা (Illegal acquisition of property creating fear) চলাই এতিয়া পুনৰ বিপদত পৰিছে ইৰান ৷
উত্তৰ-পূৱৰ প্ৰথমখন ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ
মঙলবাৰে ত্ৰিপুৰা ভ্ৰমণৰ অৰ্থে ৰাজ্যখনত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah visits Tripura) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱৰ প্ৰথমখন ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় (NEs first National Forensic Science University) ৰ আধাৰশিলা স্থাপন কৰে ৷
অসমত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল কাঞ্চন দাই
ৰাজ্য তথা উত্তৰ-পূৱত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল দুধৰ্ষ মাওবাদী কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্যই ৷ ২০১৯ চনৰ পৰা বৰাক উপত্যকাত বাহৰ পাতি অসমত মাওবাদীক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছিল (Maoists activity in Assam) । সবিশেষ জানো আহক ৷