জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ
আজি শিল্পী দিৱস ৷ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prashad Agawala ) ৷ মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷
কেৱল থানাৰ নহয়, সকলো দালালক গ্ৰেপ্তাৰ কৰিব লাগে: প্ৰমোদ বড়ো
চিৰাঙৰ ডাংতলত তিনি দিনীয়া ভোগালী উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই । আৰক্ষী থানাত থকা দালালক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেৱল থানা নহয় সকলো প্ৰকাৰৰ দালালক গ্ৰেপ্তাৰ কৰি দালাল মুক্ত অসম তথা দুৰ্নীতি মুক্ত অসম গঢ়াৰ পোষকতা কৰে বিটিচি প্ৰধান গৰাকীয়ে (Pramod Boro on arrest of illegal brokers) ।
আৰক্ষীক ধমকি প্ৰদানকাৰী বিধায়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় ভূঞাই এগৰাকী আৰক্ষী বিষয়াক ফোনযোগে দিয়া ভাবুকি আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াই বিধায়ক ভূঞাক দিয়া নীতিশিক্ষাৰ ফোন ৰেকৰ্ডিং ভাইৰেল (Amiya Kumar Bhuyan viral phone call) হোৱাৰ পিছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on MLA's viral phone call contorversy) ৷
Assam State Zoo : দুপালি ভেকচিন ল’লেহে প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত
এতিয়াৰে পৰা ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকেহে অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ (Assam state Zoo is open only for fully vaccinated people) কৰিব পাৰিব ৷ 15 জানুৱাৰীৰ পৰা বলৱৎ কৰা হৈছে এই নিয়ম ৷
Brokers in Police Station : শোণিতপুৰত এজাহাৰ লিখা সাতজন বেচৰকাৰী লোকক গ্ৰেপ্তাৰ
থানাত এজাহাৰ লিখি ধন ঘটা একাংশ লোকক দেওবাৰে আটক কৰে শোণিতপুৰ আৰক্ষীয়ে (Brokers of police station arrested) ৷