নিউজিলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত T20 শৃংখলাৰ প্ৰথমখন মেচত বুধবাৰে জয়লাভ কৰে ভাৰতে ৷ 63 ৰাণৰ বিস্ফোৰক ইনিংছ খেলা সূৰ্যকুমাৰ যাদৱক মেন অৱ দ্য মেছ ঘোষণা ৷
হাইলাকান্দি থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকগৰাকী । ভূমি সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে ৫ হাজাৰ টকা উৎকোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে ।
জনতা ভৱনত মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত উপ-সমিতিৰ দ্বিতীয়খন বৈঠক । বৈঠকত বিদেশী সমস্যা সমাধান তথা বিদেশীৰ সৈতে জড়িত প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী আৰু আসোঁৱাহমুক্ত কৰা, এন আৰ চিক বিদেশী নামমুক্ত কৰা, বিদেশী ন্যায়াধীকৰণসমূহ শক্তিশালী কৰা, বিদেশীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হোৱা আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা ।
শিৱসাগৰ জিলাৰ ২ নং মঠাদাং গাঁৱৰ নিবাসী নৱজ্যোতি ফুকন নামৰ যুৱকজন এজন মাতাল আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত নিহত হৈছিল ৷ ইয়াৰ পাছত যুৱকজনক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শিৱসাগৰ সদৰ থানা ঘেৰাও কৰে স্থানীয় লোকে ৷
চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ বৃহস্পতিবাৰে নিশাৰ পৰা চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান বিভাগৰ ৷
কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম ৷ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা গুৱাহাটীৰ চেলুন-স্পা-বিউটী পাৰ্লাৰৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে তীব্ৰ অভিযান ৷ বুধবাৰে এই অভিযান কালত পোহৰলৈ আহে ট্ৰেড লাইচেঞ্চ নোহোৱা জি এছ ৰোডৰ ড’না প্লেনেটৰ 4 খন চেলুন-স্পা-বিউটী পাৰ্লাৰ ৰহস্য ৷
শ্বহীদ জোৱান সুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক বুধবাৰে সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদাণ কৰিলে 50 লাখ টকাৰ এককালীন সাহাৰ্য ৷ ইয়াৰ পাচতে সুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক সাক্ষাৎ কৰি বাৰ্তালাপ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ শীতকালিন অধিবেশন । সদনত বিগত ২০০৮ -২০১৩ চনলৈ সকলো হত্যাকাণ্ডৰ চিবিআইৰ তদন্তৰ দাবী বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷ পূৰ্বৰ চৰকাৰত ডব্লিউ পিটি বিভাগৰ চি ডি ফাণ্ড আৰু পি ডব্লিউ ডি বিভাগত দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ৰমে ইয়াৰ চিবিআই আৰু চিআইডি তদন্তৰ দাবী উত্থাপন কৰে প্ৰমোদ বড়োৱে ৷
বুধবাৰে উত্তাল হ’ল ডিব্ৰুগড় মদাৰখাট চাহ বাগিচা ৷ নিজৰ পাপ্য আৰু অধিকাৰ বিচাৰি মদাৰখাট চাহ বাগিচাত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ । অভিযোগ অনুসৰি, বাগিচাখনৰ শ্ৰমিকসকলে দীৰ্ঘদিনে পোৱা নাই পষেকীয়া দৰমহা আৰু অন্যান্য সা-সুবিধা ৷ মদাৰখাট চাহ বাগিচাৰ মালিক গোষ্ঠীয়ে কৰিছে প্ৰতাৰণা আৰু শোষণ ৷ যাৰ বিৰুধিতাৰে বুধবাৰে হাজাৰ হাজাৰ চাহ শ্ৰমিক আৰু বাগিচাৰ কৰ্মচাৰীয়ে গণতান্ত্ৰিক ভাৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চাহ বাগিচাৰ মালিক সন্থাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে চাহ বাগিচাৰ চৌহদ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী, শীঘ্ৰে মুকলি কৰি দিয়ক শ্ৰমিকৰ প্ৰাপ্য ৷
শেহতীয়াকৈ দেশৰ স্বাধীনতাক ব্ৰিটিছৰ ভিক্ষা বুলি বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল অভিনেত্ৰী কংগনা ৰানাৱটে ৷ এই বিতৰ্ক ম্লান নপৰোতেই পুনৰ আন এক বিতৰ্কিত মন্তব্য কংগনাৰ ৷ এইবাৰ কংগনাই লক্ষ্য কৰি ল’লে জাতিৰ পিতা মহাত্মা গান্ধীক ৷