অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Oct 11, 2021, 9:04 AM IST

অসমীয়া পৰম্পৰাগত সাজ-পাৰত মা-দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ

গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজ-পাৰ, আ-অলংকাৰত দেখিবলৈ পোৱা গৈছে দেৱী দুৰ্গাৰ প্ৰতিমা । মহানগৰীৰ এগৰাকী মৃৎ শিল্পীয়ে অসমীয়া সাজ পাৰত নিৰ্মাণ কৰিছে প্ৰতিমা ।

স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ ডাঃ নভনীল বৰুৱাক

দিছপুৰ থানাত তিনিদিন ধৰি চলোৱা মাৰাথান জেৰ‍াৰ পাছত গ্ৰেপ্তাৰ কৰা ডাঃ নভনীল বৰুৱাক নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰা হয়।

জামিন লাভ কৰিলে ডাঃ নভনীল বৰুৱাই

মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ নভনীল বৰুৱাৰ জামিন লাভ ৷ দিছপুৰ থানাৰ গোচৰ নং 3720/21ত IPC 201/212/120(b) ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল চিকিৎসকগৰাকীক ৷ কিন্তু, আৰক্ষী থানাৰ পৰাই জামিন লৈ ঘৰলৈ উভতিল মডেলগৰাকীক ৰক্ষণাবেক্ষণ দিয়াত অভিযুক্ত GNRCৰ চিকিৎসকগৰাকী ৷

বিধায়ক শ্বেৰমানৰ মুক্তিৰ দাবীত মাণিকপুৰত প্ৰতিবাদ

বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰ তিনিআলিত দেওবাৰে সন্ধিয়া একাংশ ৰাইজে হাতে হাতে জুমুঠি লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজা; ৰাম কলগছক পূজন দেৱীৰূপে

আধুনিকতাৰ পৰশ নপৰা প্ৰায় 520 বছৰ পুৰণি এখন বিশেষ পূজা, য’ত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে ৰাম কলগছক দেৱী সজাই 9 বিধ উদ্ভিদৰ সৈতে স্থাপন কৰা হয় নৱপত্ৰিকা ৷ ক’ত আছে এই বিশেষ পূজাখন আৰু ইয়াৰ মহত্ব কি, জানিবলৈ সবিশেষ পঢ়ক...

সাংবাদিকতাৰ নাম লৈ দালালি কৰি ফাণ্ডত পৰিল তিনিজন !

কাকপথাৰ টঙনাত শিক্ষকক ধন দাবী সাংবাদিকৰ, তিনিখনকৈ এজাহাৰ দাখিল অভিযুক্ত সাংবাদিকৰ বিৰুদ্ধে ৷

বাক্সাত শতাধিক মহিলাৰ বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান

বাক্সা জিলাত আত্মসহায়ক মহিলা গোট সমূহক গাহৰি, ছাগলী, মুৰ্গী পুহিবলৈ চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াব ৷ বিটিআৰৰ সকলো ৰাইজক প্ৰমোদ বড়োৰ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান ৰাকেশ ব্ৰহ্মৰ ৷

Lakhimpur Kheri violence : দুজনক আটক

লখিমপুৰ খেৰী হিংসাত জড়িত অন্য দুই অভিযুক্তক আটক ৷ প্ৰাক্তন সাংসদ প্ৰয়াত অখিলেশ দাসৰ ভতিজা অংকিত দাসৰ চালকসহ অপৰাধস্থলীত উপস্থিত থকা বুলি কোৱা মিশ্ৰৰ আন এজন সহায়ককো আটক কৰা হৈছে ৷

Bharat Biotech য়ে প্ৰস্তুত কৰিব WHO অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক

WHO অনুমোদিত বিশ্বৰ প্ৰথম মেলেৰিয়া প্ৰতিষেধক প্ৰস্তুতৰ বাবে সাজু Bharat Biotech ৷ আগশাৰীৰ ফাৰ্মা কোম্পানী GlaxoSmithKline (GSK)ৰ সহযোগত ভাৰত বায়'টেকে এই প্ৰতিষেধক প্ৰস্তুত কৰিব ৷

Byju's য়ে বন্ধ কৰিলে শ্বাহৰুখৰ সকলো বিজ্ঞাপন

শ্বাহৰুখৰ সৈতে কৰা সকলো বিজ্ঞাপন বন্ধ কৰিলে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান Byju's য়ে ৷ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত ধৰা পৰাৰ বাবে Byju's য়ে এই সিদ্ধান্ত লয় ৷ ২০১৭ চনৰ পৰা Byju's ৰ ব্ৰেণ্ড এম্বেছেদৰ হৈ আছিল শ্বাহৰুখ ৷

ABOUT THE AUTHOR

...view details