মহাজোঁট ভংগ : তেজপুৰত ৰিপুণ বৰাৰ বিস্ফোৰণ !
মঙলবাৰে তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই মহাজোঁট সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷ ৰিপুণ বৰাৰ এই মন্তব্যৰ সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷
নৱম অসম আৰক্ষী বাহিনীৰ বাছত উদ্ধাৰ আঘাতপ্ৰাপ্ত পহু
নৱম অসম আৰক্ষী বেটেলিয়ানৰ বাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পহু উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাছখনৰ চালক গৰাকীয়ে অন্য উদ্দেশ্যেৰে পহুটোক বাছখনত লৈ অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷
গো-সুৰক্ষা আইনৰ বিৰোধিতা CPI(M)ৰ
গো-সুৰক্ষা আইন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান চি পি আই ( এম) দলৰ ৷ ইয়াৰোপৰি এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় দলটোৱে ৷
ডিমা হাছাওলৈ যাব বিচৰা নাই ট্ৰাক চালক : অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা
ডিমা হাছাও জিলাত উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাত 5 গৰাকী নিৰপৰাধী ট্ৰাক চালক নিহত হোৱাৰ পিছত জিলাখনলৈ এতিয়া কোনো ট্ৰাক চালকেই যাবলৈ মান্তি হোৱা নাই ৷
এখন চহৰক লৈ দুই কিন্নৰৰ দলৰ মাজত প্ৰচণ্ড যুদ্ধ
দুটাকৈ কিন্নৰৰ দলৰ মাজত অসমৰ এখন আগশাৰীৰ চহৰ দখল কৰিবলৈ এতিয়া সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিৱেশৰ ৷ ইয়াৰে এটা দলে দাবী কৰা মতে তেওঁলোক স্থানীয় তথা খিলঞ্জীয়া কিন্নৰ ইয়াৰ বিপৰীতে আনটো দলে বহিঃ ৰাজ্যৰ পৰা অসমলৈ আহি চহৰখন দখল কৰিবলৈ যত্ন কৰিছে ৷