অসম

assam

By

Published : Jul 8, 2021, 9:04 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি
পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি অৰ্থাৎ বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অৱশ্যে বৰ্তমানলৈকে ঘোষণা হোৱা নাই দপ্তৰ ৷

গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ উৰ্ধমুখী

17 দিনৰ অন্তত গুৱাহাটী মহানগৰীত এদিনত ক’ভিড (Covid)ত আক্ৰান্ত 2 শতাধিক লোক । যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । এই সংখ্যা আৰু অধিক বৃদ্ধি পালে গুৱাহাটীৰ শিথিলতাত পুনৰ বাধা আৰোপ হোৱাৰ সম্ভাৱনা আছে ।

IP আধাৰিত CCTV ৰ নিৰীক্ষণত উত্তৰ-পূৱৰ 47 টা ৰে'লৱে ষ্টেচন

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেৰ 47 টা ষ্টেচনত ভিডিঅ' চাৰ্ভিলেঞ্চ(CCTV) কেমেৰা স্থাপনৰ ব্যৱস্থা হৈছে ৷ ইতিমধ্যে 44 টা ষ্টেচনত CCTV কেমেৰা স্থাপনৰ কাম সম্পূৰ্ণ হৈছে ৷ এই CCTV কেমেৰাত সংযোগ কৰা হৈছে বিশেষ TECHNOLOGY ৷

১৩টা ৰোগৰ পৰা শিশুক সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগৰ বিশেষ টীকাকৰণ অভিযান

ৰাজ্যজুৰি বুধবাৰৰ পৰা ১৩ জুলাইলৈ চলিব লগা 'বিশেষ টীকাকৰণ সপ্তাহ' কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

বেজৰ কথা শুনি মহিলাক ডাইনী সজাই আক্ৰমণ

টিংখাত ডাইনীৰ সন্দেহত মহিলাক শাৰিৰীক আৰু মানসিক নিৰ্যাতন গাঁওবাসীৰ ৷ আৰক্ষীক এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷

লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাননী জাৰি কৰাৰ পাচতে আয়োগৰ কাষ চাপিছে পাঁচ গৰাকী বিষয়া ৷ অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত সন্দেহজনকভাৱে উৰ্ত্তীণ হোৱা ১৯ গৰাকী প্ৰাৰ্থীলৈ ইতিমধ্যে ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰি পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিল ।

আজিলৈকে প্ৰাদেশীকৰণ নহ’ল 31 বছৰীয়া জাতিংগা হাইস্কুল

ডিমা হাছাও জিলাৰ জাতিংগা হাইস্কুল (Jatinga High School) বৰ্তমানো অপ্ৰাদেশীকৃত অৱস্থাত ৷ 31 বছৰ পুৰণি এই বিদ্যালয়খন প্ৰাদেশীকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগ (Education Department)য়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ শিক্ষকসকলে ৷

উৎকোচ লৈ আটক হ’ল পঞ্চায়ত সচিব

স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বিনিময়ত উৎকোচ লৈ ৰঙাঘৰত সোমাল পঞ্চায়ত সচিব ৷ চৰকাৰৰ দুৰ্নীতি বিৰোধী নীতিয়ে যেন গা লৰাব পৰা নাই এনে একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ ৷ তিনিচুকীয়াত সংঘটিত হৈছে এই ঘটনা ৷

Covid Vaccine ৰ দুয়ো পালি গ্ৰহণ কৰিলে লাভ কৰিব বিশেষ Offer

গোলাঘাটৰ প্ৰগতি উদ্যোগচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনে ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লোৱা গ্ৰাহক লৈ আগবঢ়াইছে বিশেষ অফাৰ ৷ যি সকলে ক’ভিড ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকলৈ বিশেষ ৰেহাই মূল্যত সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা হাতত লৈছে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে ৷

ISRO ৰ চোৰাংচোৱা গোচৰ: মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত

ISRO ৰ চোৰাংচোৱা গোচৰ সন্দৰ্ভত CBI য়ে ১৭ গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত কেৰালাৰ প্ৰাক্তন ডিজিপি চিবি মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি ১২ জুলাইলৈ স্থগিত ৰাখিছে ।

ABOUT THE AUTHOR

...view details