অসম

assam

By

Published : Jul 4, 2021, 9:02 AM IST

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

top ten at 9 am
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

সাৰ্বভৌমত্তৰ দাবীত আলফা অটল থকাৰ বাবেই সম্ভৱ হোৱা নাই আলোচনা: মুখ্যমন্ত্ৰী

ৰাজধানী দিল্লীত সাংবাদিকে আলফাৰ সৈতে শান্তি আলোচনা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সৰৱ হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা সাৰ্বভৌমত্বৰ দাবীত অটল থকাৰ বাবেই এই আলোচনা এতিয়াও সম্ভৱপৰ হৈ উঠা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক

গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত হৈ পৰিছে খোদ বন সুৰক্ষা কৰ্মী ৷ গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দুজন বন কৰ্মীক আটক কৰিছে বন বিভাগে ৷

চৰকাৰে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছিল: SMSS

প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দি হৈ থকা ৰাইজৰ দলৰ সভাপতি তথা ১০৮ নং শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পাছতে এতিয়া সমগ্ৰ অসমবাসীৰ মাজতে উৎসাহৰ ঢল উঠিছে সমান্তৰালকৈ সামাজিক মাধ্যমটো অখিল গগৈৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে। অসমত 'কা' (CAA) বিৰোধী আন্দোলন চলি থকাৰ সময়তে ২০১৯ চনৰ ডিচেম্বৰ মাহৰ ১১তাৰিখে মাওবাদীৰ লগত সম্পৰ্ক থকা গোচৰত গ্ৰেপ্তাৰ কৰিছিল কৃষক নেতা অখিল গগৈক। আৰু জেলৰ ভিতৰৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা শিৱসাগৰবাসীয়ে বিধায়ক হিচাপে নিৰ্বাচিত কৰি বিধানসভাৰ মজিয়ালৈ পঠিয়ালে অখিল গগৈক। সুদীৰ্ঘ ৫৬৭টা দিনৰ পাছত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । এটাৰ পাছত আন এটা ভুৱা গোচৰ ৰুজু কৰি সুদীৰ্ঘ কাল কাৰাবন্দি কৰি ৰাখিছিল চৰকাৰে ৷ আগন্তুক দিনত বিজেপি চৰকাৰক উৎখাত কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পাপু দত্ত আৰু কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে ৷

কেৱল কৰ’ণাই নহয় ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছৰো আগমন ৰাজ্যত

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া আৰু ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ যুটীয়া সঞ্চালক (মেলেৰীয়া) তথা NVBDCP ৰ SPO ডাঃ হৰপাল সিং চূড়ীয়ে ৷

শোণিতপুৰত এসপ্তাহৰ ভিতৰতে ক'ভিড নিয়ন্ত্ৰণলৈ আহিব: স্বাস্থ্যমন্ত্ৰী

শোণিতপুৰ জিলাৰ ক'ভিড -১৯ (Covid 19)ৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে জিলাখনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta) ৷ জিলাখনৰ উপায়ুক্তকে ধৰি শীৰ্ষ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনাত মিলিত হয় মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) ৷ ইফালে শীৰ্ষ বিষয়া সকলে দিয়া তথ্যৰ ভিত্তিত 2000 হাজাৰৰো অধিক শিশু কৰ'ণা (Corona)ত আক্ৰান্ত হৈছে ৷ যদিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শোণিতপুৰ জিলাত ক’ভিড (Covid 19) পৰিস্থিতি ক্ৰমান্বয়ে উন্নতৰ দিশে আহিছে বুলি মন্তব্য কৰে । নিশা 7 বজাৰ পৰা 9 বজালৈ অনুষ্ঠিত হোৱা বৈঠকৰ পিছত তেওঁ সাংবাদিকৰ আগত কয় যে, আজিৰ দিনটোত শোণিতপুৰ জিলাত 1297 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত 1202 জন চিকিৎসালয়ত ভৰ্তি হোৱা বিপৰীতে 195 জন হোম আইচ'লেশ্যনত আছে ৷

প্ৰমাণহীন অভিযোগেৰে ডেৰবছৰে বন্দী কৰি ৰখা হৈছিল অখিল গগৈক

তিনিগৰাকী 'প্ৰটেকটেড উইটনেছ' ৰ প্ৰমানহীন অভিযোগেৰে কৃষক নেতা অখিল গগৈক যোৱা ডেৰ বছৰে বন্দী কৰি ৰখা হৈছিল কাৰাগাৰত। এই গোপন সাক্ষীৰ মতে অখিল গগৈয়ে এটা দশকৰ আগৰ পৰাই উৰিষ্যা আৰু ঝাড়খণ্ড ৰ মাওবাদী সংগঠনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰাখি ৰাষ্ট্ৰ বিৰোধী কামকাজত লিপ্ত হৈ আহিছে। কিন্তু সেই গুৰুতৰ অভিযোগ ৰ বিপৰীতে নেছনেল ইনভেষ্টিগেচন এজেন্সী চমুকৈ এন আই এ ই কোনো তথ্য প্ৰমান আদালতত দাখিল কৰিব নোৱাৰিলে।

শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

নগাঁৱত শ্ৰমিক হিচাপে ৰখা শিশুক অকথ্য নিৰ্যাতন। মালিকৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলায়ন শিশুটিৰ। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ এটি পৰিয়ালত আছিল শিশুটি। শনিবাৰে হয়বৰগাঁৱত অসহায় অৱস্থাত উদ্ধাৰ হয় শিশুটি। শিশুটি উদ্ধাৰৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ৰ'জী-চেমুৱেলৰ মৃত্যু সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ

বহিঃৰাজ্যত কাৰ্বি আংলঙৰ দুই ভাতৃ-ভগ্নী ৰ'জী চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্যজনক মৃত্যুৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুয়ো ভাতৃ-ভগ্নীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই শুকুৰবাৰে বোকাজান মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

সমষ্টিত মটৰ চাইকেলেৰে প্ৰাতঃভ্ৰমণ বিধায়ক অখিল গগৈৰ

শিৱসাগৰত উপস্থিত হ'ল বিধায়ক তথা কৃষক নেতা অখিল গগৈ ৷ শ শ শুভাকাংক্ষীৰ উষ্ম আদৰণিৰে সমষ্টিত পদাৰ্পণ কৰাৰ পিছত শনিবাৰে অখিল গগৈয়ে পৰিদৰ্শন কৰে শিৱসাগৰৰ বহু কেইটা ঐতিহাসিক স্থান। বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী । শিৱসাগৰৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমস্যাসমূহ পৰ্যায় ক্ৰমে সমাধানৰ পৰিকল্পনা প্ৰস্তুত কৰি কাৰ্যপন্থা হাতত লোৱা হ'ব বুলি মন্তব্য অখিল গগৈৰ ৷

বাংলাদেশী নাগৰিকক আশ্ৰয় প্ৰদানক লৈ বঙাইগাঁৱত উত্তেজনা

কোকিলাৰ গোলাপাৰা প্ৰথম খণ্ডত তিনি গৰাকী বাংলাদেশী নাগৰিক আশ্ৰয় দিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি । আশ্ৰয় দিয়া ঘৰৰ গৰাকীয়ে লোককেইজন বাংলাদেশী নাগৰিক বুলি নাজানিহে আশ্ৰয় দিছিল বুলি জানিব দিয়ে ৷

ABOUT THE AUTHOR

...view details