অসম

assam

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jun 26, 2021, 9:04 AM IST

top 10 at 9 am
9 বজাৰ দহটা শীৰ্ষ বাতৰি

নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন

গুৱাহাটীৰ ক্ষেত্ৰত ৪ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন ৷ বন্ধ থাকিব আন্তঃজিলাৰ যাতায়ত ৷ লগতে 4 খন জিলাত সম্পূৰ্ণ ল'কডাউন ঘোষণা কৰা হৈছে ৷

উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত অন্তিম লানি বৈঠকত মিলিত হয় । দীঘলীয়া আলোচনাৰ ‍অন্তত প্ৰস্তুত কৰা প্ৰতিবেদন আজি কমিটিয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক অৰ্পন কৰে ।

এসপ্তাহ অপেক্ষাৰ অন্তত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীক সাক্ষাৎ সোণোৱালৰ

শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ সক্ষম হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দুয়োকে পৃথকে পৃথকে সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সন্ধান ওলাব নে আৰক্ষীৰ জোৱান ৰিতু বৰাৰ ?

অতি ৰহস্যজনক ভাৱে যোৱা 4 জুন তাৰিখে কৰ্তব্যৰত অৱস্থাৰ পৰাই মাৰণাস্ত্ৰ সহ নিৰুদ্দেশ হৈছিল জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ জোৱান ৰিতু বৰা ৷ জোৱানজন নিৰুদ্দেশ হোৱাৰ 23 দিন উকলি যোৱাৰ পাছতো তেখেতক সন্ধান নোলোৱাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰবন্ধকৰ অধীনত ২৪ জনকৈ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ধুবুৰীৰ বিধায়ক নজৰুল হকক প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ

ধুবুৰীত এম জি এনেৰেগা আঁচনি (MGNREGA) ৰূপায়ণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ। বৰ্তমানৰ বিধায়ক নজৰুল হকক দুৰ্নীতিৰ সম্ৰাট আখ্যা জাহানৰ । তদানীন্তন উপায়ুক্ত অনন্তলাল জ্ঞানীকে আদি কৰি জিলাখনৰ কেইবাজনো শীৰ্ষ বিষয়ালৈ দুৰ্নীতি কৰাৰ অভিযোগৰ আঙুলি প্ৰাক্তন বিধায়কগৰাকীৰ ।

অগপৰ উপ-সভাপতিৰ দায়িত্ব ল'লে ডাঃ তাৰাপ্ৰসাদ দাসে

অগপৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসক ৷ ইতিমধ্যে সভাপতিৰ স্বাক্ষৰিত পত্ৰ ফণিভূষণ চৌধুৰীয়ে প্ৰদান কৰে তাৰাপ্ৰসাদ দাসক ৷ দুবাৰকৈ বিধায়ক হোৱা প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস পূৰ্বে আছিল কংগ্ৰেছত ৷

পুৰাতত্ত্ব বিভাগে পাহৰিলে দিহিঙীয়া ৰজাৰ মৈদামক

খোৱাং বাঁহনি পথাৰত দিহিঙীয়া ৰজাৰ দুটাকৈ মৈদাম আছে যদিও আজি পৰ্যন্ত বিভাগৰ ভালৰ পৰা কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই ৷ বিগত চৰকাৰৰ দিনত মৈদাম কেইটাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিধায়ক চক্ৰধৰ গগৈয়ে 10 লাখ টকাৰ অনুদান আগবঢ়াইছিল । কিন্তু সেই অনুদানৰ আধাৰশিলা হ'ল যদিও আজি পৰ্যন্ত নহ'ল কাম ৷

টুইটাৰে বন্ধ কৰিলে মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ একাউণ্ট

কেন্দ্ৰীয় আইন আৰু ন্যায়, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ একাউণ্ট বন্ধ কৰি ৰাখিলে টুইটাৰে । প্ৰায় এঘণ্টাৰ বাবে টুইটাৰে বন্ধ কৰি ৰাখিলে মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজিটেল মিলেনিয়াম কপিৰাইট আইন (DMCA)ৰ উলংঘন কৰাৰ অভিযোগত মন্ত্ৰীগৰাকীৰ একাউণ্ট বন্ধ কৰি ৰাখে বুলি উল্লেখ কৰে টুইটাৰে ।

Serum Institute ত আৰম্ভ হ’ল Covovax-ৰ প্ৰস্তুত প্ৰক্ৰিয়া

ক'ভিশ্বিল্ডৰ পিছত এইবাৰ ক'ভ'ভেক্স(Covovax) নামৰ ক'ভিড-১৯ প্ৰতিষেধক প্ৰস্তুত কৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া(Serum Institute of India)ই । পুণেস্থিত প্ৰকল্পত ক'ভিড-১৯(COVID-19) প্ৰতিষেধকবিধ প্ৰস্তুত কৰা হৈছে ।

ABOUT THE AUTHOR

...view details