অসম

assam

By

Published : Jun 21, 2021, 9:08 AM IST

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP 10 AT 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীক ৰাজনীতি নকৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ

ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰিবলৈ লোৱা জনসংখ্যা নীতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে বিৰোধী দলপতি গৰাকীয়ে কয় যে, জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ কেৱল বিজেপিয়েহে যে একক প্ৰচেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে তেনে এক ধাৰণা দিবলৈ চেষ্টা চলাইছে । কিন্তু সেয়া শুদ্ধ নহয় । কিয়নো, দেশত পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই "হাম দো হামাৰে দো" শ্ল'গানেৰে জনসংখ্যা ৰোধ কৰাৰ আঁচনি লৈছিল । কংগ্ৰেছ চৰকাৰৰ দিনতে কেন্দ্ৰত শিক্ষা বিভাগৰ নাম সলনি কৰি মানৱ সম্পদ বিভাগ নাম দিয়া হৈছিল ৷

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

বিটিআৰ চুক্তিৰ ৯ নং দফা অনুসৰি প্ৰাক্তন এনডিএফবি সকলৰ পুনৰ সংস্থাপনৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদি প্ৰাক্তন এনডিএফবি সকলক সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব । যি সকলৰ নিযুক্তিৰ বয়স ইতিমধ্যে উকলি গৈছে তথা প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদিও যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷

কাৰ্বি আংলঙত আৰক্ষীৰ হাতত নিহত UPRF ৰ দুই সদস্য

কাৰ্বি আংলঙৰ সিংহাসন পাহাৰৰ জলেনত দেওবাৰে দুপৰীয়া আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয় । এই সংঘৰ্ষত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ(UPRF) দুই সদস্য নিহত হয় ।

ৰাজ্যত দহ দিনৰ বাবে লক ডাউন দিয়াৰ সম্ভাৱনা !

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কেইবাখনো জিলাত সম্পূৰ্ণ লক ডাউন দিয়া হ’ব পাৰে বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে এই সম্পৰ্কে বৃহস্পতিবাৰেহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । হিমন্ত বিশ্ব শৰ্মাই কয় যে, অহা সপ্তাহলৈ যদিহে কেইখনমান জিলাৰ ক’ভিড পৰিস্থিতি হ্ৰাস নাপাই, তেন্তে জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কমেও ১০ দিনৰ বাবে লক ডাউন দিব লগা হ’ব পাৰে ৷

পৰীক্ষা বাতিলকলৈ কি ক'লে মাজুলীৰ শিক্ষাৰ্থীয়ে ?

হায়াৰ ছেকেণ্ডাৰী (HS) আৰু মেট্ৰিক (HSLC) পৰীক্ষা বাতিলৰ ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল দীৰ্ঘদিনে পৰীক্ষাক লৈ সৃষ্টি হৈ থকা কৌতুহলৰ ৷ পৰীক্ষা বাতিল কৰাৰ লগে লগে বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷ একাংশ অভিভাৱক তথা শিক্ষাৰ্থীৰ মতে, পৰীক্ষা অনুষ্ঠিত কৰিব লাগিছিল আন একাংশৰ মতে, পৰীক্ষা অনুষ্ঠিত নোহোৱাই ভাল হৈছে ৷ তাৰ মাজতে চৰকাৰে গ্ৰহণ কৰা পৰীক্ষা নীতিকলৈও একাংশ শিক্ষাৰ্থী দোমোজাত পৰিছে ৷ শিক্ষাৰ্থী সকলৰ প্ৰশ্ন, মূল্যাংকনৰ জৰিয়তে তেওঁলোকে ভবা ধৰণে ফলাফল লাভ কৰিব নে ? তেওঁলোকে ভবা মতে এখন ভাল কলেজত নাম ভৰ্তি কৰিব পাৰিবনে ? কি হ'ব অসমৰ লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত ? এই সন্দৰ্ভত কি ক'লে মাজুলীৰ পৰীক্ষাৰ্থীসকলে ?

কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

নলবাৰীৰ কৈহাটীৰ ঢুলীয়া শিল্পীৰ দুৰ্দশা । লাভ কৰা নাই চৰকাৰী সা-সুবিধা । পেটত গামোচা বান্ধিয়েই পাৰ কৰিছে জীৱন ৷ কৈহাটী গাঁৱৰ ঢুলীয়া শিল্পীৰ লগত জড়িত প্ৰায় ১০০ তকৈ অধিক পৰিয়াল আজিও সা-সুবিধাৰ পৰা বঞ্চিত ।

অসমত বান-গৰাখহনীয়া সমস্যা সমাধান কৰা সম্ভৱ নহয়: উৰ্খাও গৌৰা ব্ৰহ্ম

হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী (handloom and Textile Minister) উৰ্খাও গৌৰা ব্ৰহ্মই দেওবাৰে চিৰাং জিলাৰ বিজনী ঝাৰবিষপানীত ধলা নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে বিজনী মহকুমাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰ ঝাৰবিষপানী ধলা নৈত নিৰ্মাণ কৰা বান্ধৰ কামৰ বুজ লয়। জিলাখনৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ লগতে ৰাইজৰ সা-সম্পত্তি যাতে নিৰাপত্তা দিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই।

বিষ্ণু ৰাভাৰ কালজয়ী গীতক হিন্দীলৈ অনুবাদ দুই যুৱকৰ

পাৰ্বতিপ্ৰসাদৰ গীতৰ হিন্দী অনুবাদ পাছত দ্বিতীয় সংযোজন দুজন যুৱকৰ ৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত হিন্দী লৈ অনুবাদ কৰিলে কলিয়াবৰৰ দুজন উদীয়মান সংগীত শিকাৰুৱে ৷

মোডী মন্ত্ৰীসভাত সোণোৱালৰ অন্তৰ্ভুক্তি অসমৰ বাবে ইতিবাচক খবৰ হ’ব : কুইন ওজা

সোণোৱালক মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’লে অসমৰ সকলো সাংসদে এজন অভিভাৱক লাভ কৰিব, যি তেওঁলোকক ৰাজ্যখনৰ উন্নয়নত পথ প্ৰদৰ্শক হিচাপে সহায় কৰিব বুলি মন্তব্য কুইন ওজাৰ ৷

বটদ্ৰৱাৰ শান্তিজানত প্ৰশাসনৰ উচ্ছেদ অভিযান

বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানৰ জলধাৰাত বাধাহীনভাৱে প্ৰবাহিত হোৱা মুখখনত পুখুৰী খান্দি সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ পৰিকল্পনা চলাই আছিল এটা চক্ৰই । মনকৰিবলীয়া যে, বটদ্ৰৱাৰ ঐতিহাসিক দৌল মন্দিৰলৈ ভাবুকি কঢ়িয়াইছিল মীন পালনৰ নামত নদীৰ মুখ বন্ধ কৰি পুখুৰী খান্দিছিল বটদ্ৰৱাৰ ধনীয়াভেটিৰ একাংশ লোকে ।

ABOUT THE AUTHOR

...view details