অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 7, 2021, 9:04 AM IST

উদ্যোগ-বাণিজ্য বিভাগৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

দেওবাৰে অসমৰ ঔদ্যোগিক খণ্ডৰ উন্নয়ন সন্দৰ্ভত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিভাগটোৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওত বাণিজ্যিক খেতিৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰিবলৈ বাণিজ্য বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷


পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ কোকিলাত অৰ্ধনিৰ্মিত এটা পথৰ দুৰৱস্থাৰ বাবে এতিয়া জৰুৰীকালীন সেৱাৰ লগতে ব্যাহত হৈ পৰিছে সাধাৰণ যাতায়াত ব্যৱস্থা ৷ পথটোৱে কীৰ্তনপাৰা, গোলাপাৰা, নাম্বাৰপাৰা, চাকলা, কোকিলা হৈ বৰপেটা জিলাৰ কলগাছিয়াৰ সৈতে সংযোগ স্থাপন কৰিছে ৷

তিনিচুকীয়াত 5 যুৱকৰ লক্ষ্য ক্ষুধা নিবাৰণ

তিনিচুকীয়াত ক’ভিড 19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে ৷ যাৰ ফলত খাদ্য সংকটত ভূগিছে খাটি খোৱা লোক তথা পদপথত থকা লোকসকল ৷ এই লোকসকলৰ ক্ষুধা নিবাৰণৰ বাবে ওলাই আহিছে তিনিচুকীয়াৰ পাঁচ যুৱক ৷

আংশিক লক ডাউনে বিপদত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক

আংশিক লক ডাউনে বিপদত পেলাইছে মধ্যম শ্ৰেণীৰ ব্যৱসায়ীসকলক ৷ যাৰ বাবে দুই তিনি মাহলৈ ইএমআই পিছুৱাই দিবৰ বাবে চৰকাৰক অনুৰোধ ব্যৱসায়ীসকলৰ ৷

গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে অগ্ৰাধিকাৰ দিব : পীযুষ হাজৰিকা

বিশ্বনাথৰ বান আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয় ৰাজ্যৰ জল সম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ দেওবাৰে বিশ্বনাথত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ সৈতে এক উচ্চ-স্তৰীয় বৈঠকত মিলিত হয় ৷ ৰাজ্যৰ বান সমস্যাৰ এক স্থায়ী সমাধান বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিব বুলি মন্তব্য কৰে ৷

ধনৰ লেনদেন : নগাঁৱত আটক খোদ আৰক্ষী বিষয়া

নগাঁৱত আটক এগৰাকী আৰক্ষী বিষয়া ৷ ধনৰ লেনদেনৰ এটা অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে আটক চামগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক গিয়াছ উদ্দিন ৷

নাগপুৰত নীতিন গাডকাৰীক সৌজন্য সাক্ষাৎ সঞ্জয় দত্তৰ

বলীউডৰ অভিনেতা সঞ্জয় দত্তই অলপতে নাগপুৰৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সৌজন্যমূলক সাক্ষাৎ কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে য'ত অভিনেতা দত্তক গাডকাৰী আৰু তেওঁৰ পত্নী কাঞ্চৰ গাডকাৰীৰ সৈতে একেলগে দেখা গৈছে ।

ত্ৰিপুৰাত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু

চেপাহিজালা জিলাত ৰহস্যজনক মৃত্যু এগৰাকী মহিলাৰ । নিজৰ বিচনাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ । মহিলাগৰাকীক তেওঁৰ নিচাসক্ত পুত্ৰই হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

দেওবাৰে নলবাৰীত 37 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

বৰ্তমান ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা জিলাখনৰ ক'ভিড ৰোগীৰ সংখ্যা 1092 গৰাকী ৷ ইয়াৰে 909 গৰাকী হোম আইচলে'চনত আছে ৷

১৭ দিনে সন্ধানহীন উৰিয়ামঘাটৰ এজন ব্যক্তি

অসম-নাগালেণ্ড সীমান্ত(Assam-Nagaland border)ৰ উৰিয়ামঘাটৰ ২ নং মধুপুৰৰ নবী হুছেইন নামৰ এজন ব্যক্তি বিগত ১৭ দিন ধৰি সন্ধানহীন হৈ আছে ৷ সন্ধানহীন ব্যক্তিজনৰ নিৰুদ্দেশ সম্পৰ্কে পৰিয়ালে উৰিয়ামঘাট আৰক্ষী থানা(Uriamghat Police Station)ত এখন এজাহাৰ দাখিল কৰিছে ৷

ABOUT THE AUTHOR

...view details