অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 5, 2021, 9:03 AM IST

সমষ্টিৰ উন্নয়নৰ বাবে তৎপৰ বিধায়ক ৰূপক শৰ্মা

সমষ্টিৰ উন্নয়নৰ গতি তৰাম্বিত কৰাৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷ শুকুৰবাৰে লোক নিৰ্মাণ(PWD road) বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হয় বিধায়কগৰাকী ৷

১০০ বিঘা মাটিত কঠীয়া পৰাৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ

গোলাঘাট জিলাৰ বৰপথাৰ, সৰুপথাৰৰ কৃষক ৰাইজ বৰ্তমান গভীৰ চিন্তাত পৰিছে । বাৰিষা কাল সমাগত যদিও পথাৰত পানীৰ অভাৱ হোৱাত সম্প্ৰতি পথাৰত চিৰাল ফাঁট মেলিছে । জেঠ মাহৰ আধাতকৈ বেছি দিন পাৰ হোৱাৰ পিছতো ৰাইজে কঠীয়া সিঁচিব পৰা নাই । যাৰ ফলত এতিয়া বিমোৰত পৰিছে কৃষকসকল । কৃষকৰ এনে সমস্যা দেখি সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰ, সৰুপথাৰত থকা জলসিঞ্চন ব্যৱস্থাসমূহ কাৰ্যক্ষম কৰাৰ উপৰিও এই দুৰ্যোগৰ সময়ত ৰাইজৰ সুবিধাৰ্থে ১০০ বিঘা মাটিত কঠীয়া পৰাৰ কথা ঘোষণা কৰিছে বিধায়ক গৰাকীয়ে । বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰায় এমাহৰ ভিতৰতে বিশ্বজিত ফুকনে লোৱা পদক্ষেপক সমষ্টিবাসীয়ে শলাগিছে ৷

সৰ্বানন্দ সোণোৱালৰ বাবে বাস্তুশাস্ত্ৰ মতে সজোৱা হৈছে M-13

জুন মাহৰ ভিতৰতেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিব খাৰঘুলি পাহাৰৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা । মুখ্যমন্ত্ৰী হোৱা দিনৰে পৰাই এই অতিথিশালাটো সোণোৱালে তেওঁৰ বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আহিছে । ব্ৰহ্মপুত্ৰ অতিথিশালাৰ পৰা আহি সোণোৱালে প্ৰৱেশ কৰিব দিছপুৰৰ মিনিষ্টাৰ্ছ কলনিত ।

বোকাজানত ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৭.৫ কিল’গ্ৰাম গাঞ্জা

শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানত ৰে’ল আৰক্ষী(RPF Bokajan)ৰ অভিযানত ৭.৫ কিল’গ্ৰাম গাঞ্জা(ganja seized) জব্দ ৷ এটা পৰিত্যক্ত বেগৰ পৰা তিনিটা পেকেটত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে গাঞ্জাখিনি ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

লাওখোৱাত টেপ ৰেকৰ্ডাৰেৰে পক্ষী চিকাৰ চোৰাং চিকাৰীৰ

অত্যাধুনিক ৰেকৰ্ড প্লেয়াৰৰ সহায়ত পৰিভ্ৰমী পক্ষী চিকাৰ চোৰাং চিকাৰীৰ । লাওখোৱাত পুনৰ জব্দ চিকাৰ কৰা চৰাইৰ লগতে চিকাৰত ব্যৱহৃত সামগ্ৰী । চোৰাং চিকাৰী গ্ৰেপ্তাৰত ব্যৰ্থ লাওখোৱাৰ বন বিভাগ ।

বাতৰিৰ প্ৰভাৱ : দুই ভগ্নীৰ শিক্ষাৰ দায়িত্ব ললে কলিয়াবৰ ছাত্ৰ সন্থাই

দুই দুৰ্ভগীয়া ভগ্নীৰ বাতৰি প্ৰচাৰৰ পাচতেই ভিন্নজনৰ সহায়ৰ হাত ৷ কলিয়াবৰ আছুৱে ল'লে পঢ়া-শুনাৰ দায়িত্ব ৷ বিভিন্ন চৰকাৰী আঁচনি থকাৰ সময়তো এনে দৰিদ্ৰ পৰিয়ালক সেই আঁচনিসমূহে ঢুকি নোপোৱাৰ বাবে ক্ষোভ প্ৰকাশ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ৷

ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা

পূৰ্বতকৈ কিছু শিথিল কৰা হৈছে ৰাজ্যত চলি থকা ক’ভিড সংক্ৰান্তীয় চৰকাৰী নীতি-নিৰ্দেশনা ৷ নতুন নীতি নিৰ্দেশনা ৬ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব ।

নীতি আয়োগৰ প্ৰতিবেদনে উদঙালে অসমৰ উন্নয়নৰ এছ ডি জি

কংগ্ৰেছ চৰকাৰৰ আমোলৰ পোন্ধৰটা বছৰ আৰু বিজেপিৰ প্ৰথমটো কাৰ্য কালকে ধৰি যোৱা দুটা দশকত শাসক পক্ষই কেৱল কৈছে উন্নয়নৰ কথা । কিন্তু সাধাৰণ জনতাই নেদেখে ক’তো উন্নয়নৰ ছবি আৰু সেই কথাকে এইবাৰ বস্তুনিষ্ঠভাৱে উদঙাইছে খোদ নীতি আয়োগে ।

ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰবায়'লজীষ্ট বিভাগৰ সহযোগী অধ্যাপক ডাঃ ডিনা ৰাজাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ । সাক্ষাৎকাৰত BLACK FUNGUS সন্দৰ্ভত বহু কথাই ক'লে ডাঃ ডিনা ৰাজাই ৷

আগৰতলাৰ কণমানি বৰ্ষাৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে আগৰতলাৰ বৰ্ষা নামৰ এজনী কণমানিৰ ইচ্ছা পূৰণ কৰে ৷ পঢ়িবলৈ এখন মেজ নথকা বৰ্ষাক এখন মেজ প্ৰদান কৰাৰ লগতে কৰ’ণাত আক্ৰান্ত মাতৃক ঔষধ আৰু ঘৰত নাটনি হোৱা খাদ্য সামগ্ৰীৰ যোগান ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ফেচবুক ভিডিঅ’যোগে সমস্যাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰিছিল কণমানি অসহায় বৰ্ষাই ৷

ABOUT THE AUTHOR

...view details