অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 3, 2021, 9:03 AM IST

চিকিৎসক নিগ্ৰহ কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পন বিবেকানন্দ দাসক

লংকাৰ উদালিত সংঘটিত হোৱা চিকিৎসক প্ৰহাৰৰ ঘটনাৰ উচিত তদন্তৰ বাবে চি আই ডি বিভাগৰ বিষয়া বিবেকানন্দ দাসক প্ৰদান কৰা হ’ব দায়িত্ব ৷ সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

বুধবাৰে ৰাজ্যজুৰি চিকিৎসকসলে ক’লা বেজ পৰিধান কৰাৰ উপৰি চিকিৎসাল সমূহৰ সাধাৰণ বহিঃবিভাগ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে উদালী কাণ্ডৰ বিৰুদ্ধে । ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত প্ৰতিবাদত বহা দেখা গৈছে চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক ৷

ক’ভিড পৰিস্থিতিত কেনে আছে গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলবাসী ?

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ সময়চোৱাত গোলাঘাট আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকল কেনে আছে ? সীমান্তৱৰ্তী অঞ্চলৰ পৰা সংবাদদাতা দিগন্ত চাহুৰ এক প্ৰতিবেদন...

ক'ভিডৰ শৃংখল ভাঙিবলৈ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ

ক'ভিডৰ শৃংখল ভাঙিবলৈ আৰু ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে নতুন কৌশল গ্ৰহণ কৰিছে ডিব্ৰুগড়ত স্বাস্থ্য বিভাগে ৷ বুধবাৰৰ পৰা ডিব্ৰুগড় স্বাস্থ্য বিভাগে হাতত লৈছে এই নতুন কাৰ্যসূচী ৷

কাজিৰঙাত বাহনৰ খুন্দাত গুঁই সাঁপৰ মৃত্যু

বুধবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটলৈ যোৱা সময়তেই কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আঘাতপ্ৰাপ্ত অৱস্থাত এটা গুঁই সাঁপ প্ৰত্যক্ষ কৰে ৷ গুঁই সাঁপটোৰ মূৰত কেইবা ঠাইতো আঘাতৰ চিন স্পষ্ট হৈ আছিল ৷ কোনো বাহনৰ তলত আহি গুঁই সাঁপটোৰ মৃত্যু হোৱা বুলি উদ্যান কৰ্তৃপক্ষই নিশ্চিত কৰিছে ৷

কাগজ কল নিলামক লৈ ক্ষোভ প্ৰকাশ কৰিছে আছুৱে

অসমৰ দুটাকৈ কাগজ কল নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰা পাচতে ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল কুমাৰ শৰ্মাই ৷ তেওঁ কয়, কাগছ কল দুটা পুনজ্জীৱিতকৰণৰ ক্ষেত্ৰত আদালতে ৰায় দিয়া পাচতো উদ্যোগ বিভাগটোৱে কিদৰে এই বিজ্ঞাপন দিলে সেয়া ৰহস্য জনক ৷

প্ৰতিষেধক গ্ৰহণ নকৰিলে দৰমহা নাপাব উত্তৰ প্ৰদেশৰ চৰকাৰী কৰ্মচাৰীয়ে

"NO VACCINATION, NO SALARY" উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত প্ৰতিষেধক গ্ৰহণ নকৰা চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে । জিলাখনৰ মুখ্য উন্নয়ন বিষয়া, চৰ্চিত গৌড়ে জনাইছে যে, জিলা কোষাগাৰ বিষয়া আৰু অন্যান্য বিভাগীয় মুৰব্বীসকলক এই আদেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু প্ৰতিগৰাকী কৰ্মচাৰীৰ টীকাকৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

গুগলৰ আবেদন: কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

গুগলে দাখিল কৰা আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ২৫ জুলাইলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিলে দিল্লী উচ্চ ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ, ভাৰতৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা, ফেচবুক আৰু এগৰাকী মহিলালৈ জাননী জাৰি কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ।

কেন্দ্ৰীয় চৰকাৰৰ টীকাকৰণ নীতিক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

কেন্দ্ৰীয় চৰকাৰৰ টীকাকৰণ নীতিক সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৷ এটি ভিডিঅ’যোগে কেন্দ্ৰীয় চৰকাৰক কেইবাটাও প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷

জোনাইত আটক তিনি বাইক চোৰ

জোনাইত আৰক্ষীয়ে আটক কৰিছে তিনিজন বাইক চোৰ ৷ তিনি বাইক চোৰৰ দুজন অৰুণাচলৰ পূৱ ছিয়াং জিলাৰ পাচিঘাটৰ এজন ৰুকচিনৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details