অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 23, 2021, 9:01 AM IST

টাউটেৰ পািচত এইবাৰ আহিছে ঘূৰ্ণী বতাহ য়াছ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শনিবাৰে পূৱ-মধ্য বংগোপ সাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হয় ৷ ঘূৰ্ণী বতাহ য়াছৰ সাম্ভাব্য তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ মাছমৰীয়াসকলক ২৩ মে'ৰ সন্ধিয়াৰ পৰা সাগৰলৈ নাযাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷

সোৱণশিৰিয়ে বিপদ মাতিছে ঐতিহাসিক ঘুনাসুঁতিলৈ

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰী উপন্যাসৰ পটভূমি লখিমপুৰৰ ঘুনাসুঁতিত সোৱণশিৰি নৈৰ খহনীয়া। ঘাগৰ আৰু সোৱণশিৰি নৈ একলগ হৈ ঘুনাসুঁতিক এফালৰ পৰা খহাই গৈছে । যাৰ ফলত এক প্ৰকাৰ অঘৰী হৈ পৰিছে অঞ্চলটোৰ বহু পৰিয়াল ৷

বন্দীত্বৰ সময়ছোৱাত ৰিতুল শইকীয়াক কি ক’লে পৰেশ বৰুৱাই ?

শনিবাৰে ৰিতুল শইকীয়াৰ মুক্তিৰ পাচতে তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ লগতে আত্মীয় সকলৰ মুখত বিৰিঙিছে হাঁহি ৷ শনিবাৰে ৰিতুল শইকীয়া বাসগৃহত আহি উপস্থিত হোৱাৰ পাছতে বৈছে আনন্দৰ বন্যা ৷ শনিবাৰে সন্ধিয়া নিজৰ বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি ব্যক্ত কৰিলে অপহৃত হিচাপে কটোৱা দিনৰ অভিজ্ঞতা ৷

সোমবাৰে পৰৱৰ্তী চিবিআই মুৰব্বী বাছনি কৰাৰ সম্ভাৱনা

সোমবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ নতুন সঞ্চালক বাছনি কৰিবলৈ বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক উচ্চ স্তৰীয় সমিতি । তালিকাৰ শীৰ্ষত আছে বিএছএফ আৰু নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ মুৰব্বী ৰাকেশ আস্থানা, এন আই এৰ মুৰব্বী ৱাই চি মোডী, ডিজি আইটিবিপি এছ এছ দেশৱাল, ডিজি চিআইএছএফ সুবোধ জয়ছোৱাল, কেৰালাৰ লোকনাথ বেহেৰাৰ ডিজিপি লোকনাথ বেহৰা, উত্তৰ প্ৰদেশৰ ডিজিপি হিতেশ চন্দ্ৰ অৱস্থী আৰু ৰে'ল সুৰক্ষা বাহিনীৰ মুৰব্বী অৰুণ কুমাৰ ।

কেজৰিৱালে অজুহাত বন্ধ কৰা উচিত:প্ৰকাশ জাভেড়কাৰ

ভেকছিনৰ নাটনি বুলি কোৱাৰ পিছতে কেজৰিৱালক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে । দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ৰাষ্ট্ৰীয় ৰাজধানীৰ নামত নিৰন্তৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ।

ৰঙিয়াত‌ উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

ৰঙিয়াৰ শ’লমাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা ৷ প্ৰায় তিনি ফুট ওখ আৰু প্ৰায় দহ কেজি ওজনৰ দুষ্প্ৰাপ্য পক্ষীবিধক উদ্ধাৰ কৰি বন্য প্ৰাণী সংৰক্ষণ বিভাগক গতাই দিয়া হয় ৷

ক’ভিড আক্ৰান্ত কাৰাবন্দী আলফা নেতা জীৱন মৰাণক এএমচিলৈ প্ৰেৰণ

ক'ভিডত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণক শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডত ভৰ্ত্তি কৰোৱা হৈছে । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বিগত ১৮ মে'ত তেওঁকে ধৰি ৫২ জন কয়দীৰ সৈতে আলফা নেতা গৰাকীৰ দেহত পোৱা গৈছিল ক’ভিডৰ অৱস্থিতি ৷

তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

গণেশ ঘাটৰ সমান্তৰালভাৱে তেজপুৰ আৱৰ্ত্ত ভৱনৰ সমীপত থকা জাহাজ ঘাটত এই খহনীয়াই বিগত বৰ্ষতো লৈছিল কাল ৰূপ । সামান্য কেইটামান বস্তা আৰু বাঁহেৰে ভেটা মাৰি দায়িত্ব সামৰিছিল বিভাগীয় কৰ্তৃপক্ষই ।

কৰ’ণাৰ সৈতে যুঁজিবলৈ মুখ্যমন্ত্রীয়ে নিজৰ পুঁজিৰ পৰা দিলে ৩ লাখ টকা

কৰ’ণা মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজ খনলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ জমা পুঁজিৰ পৰা ৩ লাখ টকা আগবঢ়াইছে । এই ধন কৰ’ণা ভেকচিন ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ’ব ।

ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ

ক’ভিড ৰোগীলৈ স্বাস্থ্য বিভাগৰ কিছু সকাহ ৷ ক'ভিড ৰোগীক একোটাকৈ দৰৱৰ টোপোলা আৰু বিধানপত্ৰ (Prescription) যোগান ধৰাটো নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে সকলো জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক সকললৈ নিৰ্দেশ ৷

ABOUT THE AUTHOR

...view details