অসম

assam

By

Published : May 22, 2021, 9:05 AM IST

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

top 10 at 9 am
9 বজাৰ দহটা শীৰ্ষ বাতৰি

১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

আজিৰ পৰা ৮ দিন পূৰ্বে অৰ্থাৎ ১৩ মে'ত সংঘটিত হৈছিল সকলোৰে হৃদয় কঁপাই যোৱা ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা । ৰাজ্যখনতেই নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো সংবাদ শিৰোনাম দখল কৰা এই ঘটনা সংঘটিত হোৱাৰ পিছদিনাই দুৰ্গম পাহাৰত উপস্থিত হৈছিল ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যকে ধৰি বহু উচ্চপদস্থ বন বিষয়া ।

মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান প্ৰেছ সচিবৰূপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক । বিগত প্ৰায় তিনি দশকজুৰি সক্ৰিয় সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে ধ্ৰুৱ মহন্ত ।

আন্তঃজিলা যাতায়াত বন্ধই অথন্তৰ লগালে বিবাহ বিচ্ছেদত

শুকুৰবাৰৰ পুৱাৰে পৰা নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ বিলপাৰত ঘগ্ৰাপাৰ আৰক্ষীয়ে চলাই আছিল তালাচী ৷ আন আন লোকৰ দৰে গুৱাহাটীৰ পৰা অহা এগৰাকী মহিলাকো নলবাৰীলৈ যোৱাত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে ৷ ইয়াতেই ঘটিল অথন্তৰ ৷

কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?

এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছ ৷ শেহতীয়াকৈ বি‌টি‌আৰ‌ৰ‌ এখন জিলাত আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি লাভ কৰা‌ আইপিএছ বিষয়া গৰাকীক নিলম্বন কৰাৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ এক দাবীপত্ৰ প্ৰেৰণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ অধ্যক্ষ সুস্মিতা দেৱে ৷

ৰাজ্য়ত পুনৰ ক’ভিড আক্ৰান্তৰ পলায়ন

ৰাজ্যত পুনৰ সংঘটিত হ’ল ক’ভিড আক্ৰান্ত লোকৰ পলায়নৰ ঘটনা ৷ তেজপুৰৰ পৰোৱা ক’ভিড হাস্পতালৰ পৰা শুকুৰবাৰে পলায়ন কৰিলে এগৰাকী লোকে ৷

বিজনীৰ দহলাপাৰাস্থিত টোল গেটত বৃহৎ চিণ্ডিকেটৰাজ

বৃহৎ ৰাজহ ফাঁকিৰে লুণ্ঠন চলিছে চিৰাং জিলাৰ বিজনীৰ দহলাপাৰাস্থিত টোল গেটত ৷ নিশা ধন লুন্ঠনৰ গোপন মেচিন( হেণ্ড হোল) জব্দ কৰে চিৰাং আৰক্ষীয়ে ৷ সাংবাদিকৰ ষ্ট্ৰীং অপাৰেচনত ধৰা পৰিল বৃহৎ চিণ্ডিকেটৰ দৃশ্য ৷

একেটা পৰিয়ালত 5 জনকৈ লোক ক’ভিডত আক্ৰান্ত

এটা পৰিয়ালৰ 5 জন লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি পোৱা গৈছে বঙাইগাঁৱত ৷ দুগৰাকী শিশুও আছে এই 5 গৰাকীৰ ভিতৰত ৷

বিজনীৰ দহলাপাৰাস্থিত টোল গেটত বৃহৎ চিণ্ডিকেটৰাজ

বৃহৎ ৰাজহ ফাঁকিৰে লুণ্ঠন চলিছে চিৰাং জিলাৰ বিজনীৰ দহলাপাৰাস্থিত টোল গেটত ৷ নিশা ধন লুন্ঠনৰ গোপন মেচিন( হেণ্ড হোল) জব্দ কৰে চিৰাং আৰক্ষীয়ে ৷ সাংবাদিকৰ ষ্ট্ৰীং অপাৰেচনত ধৰা পৰিল বৃহৎ চিণ্ডিকেটৰ দৃশ্য ৷

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মাটিয়েখানা গাঁৱৰ 4 যুৱক

লাইপুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিয়েখানা গাঁৱত গঞাৰ নিদ্ৰা হৰণ কৰিছে বাঘে ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে গাঁওখনৰ 4 যুৱক ৷

ৰাজ্যৰ ৰাজনীতিত নজিৰ সৃষ্টিৰে বিধানসভাত পদাৰ্পণ অখিল গগৈৰ‌

অসম বিধানসভাৰ মজিয়াত আজি খোদিত হ'ল এক ইতিহাস ।‌‌ অৱধাৰিতভাৱে আজি পূৱা বিধানসভাৰ মজিয়াত শিৱসাগৰৰ বিধায়ক হিচাপে উপস্থিত হ'ল কাৰাবন্দী কৃষক নেতা অখিল গগৈ । অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত এটি অমূল্য পৃষ্ঠা সংযোজিত হ'ল আজিৰ এই ব্যতিক্ৰমী মুহুৰ্তটোৰে ।‌‌

ABOUT THE AUTHOR

...view details