অসম

assam

By

Published : May 20, 2021, 9:02 AM IST

ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

পীযুষ হাজৰিকাক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্তৰ দাবী ঠিকাদাৰ শৈলেন শৰ্মাৰ

কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাক এইবাৰ উভতি ধৰিলে জলসম্পদ বিভাগৰ এজন ক্লাছ ওৱান ঠিকাদাৰ শৈলেন কুমাৰ শৰ্মাই । শৈলেন কুমাৰ শৰ্মাই বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাবুকি দিয়াকে ধৰি বেয়া ব্যৱহাৰেৰে তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ তুলি তেওঁক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে ।

ধেমাজিৰ নৱনিযুক্ত উপায়ুক্ত ভাস্কৰ ৰেড্ডীৰ কাৰ্যভাৰ গ্ৰহণ

ধেমাজিৰ কাৰ্যভাৰ গ্ৰহণ কৰি ক’ভিড সংক্ৰমণ ৰোধৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নৱনিযুক্ত উপায়ুক্ত ভাস্কৰ ৰেড্ডীৰ ৷ ইয়াৰ লগতে জিলাখনৰ সামগ্ৰিক উন্নয়নৰ হকে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷

ধানৰ পৰিৱৰ্তে পতান ওলোৱাক লৈ শংকিত কৃষক

বঙাইগাঁৱৰ বাংলাপাৰাত শ শ বিঘা ইৰি ধানৰ পৰিৱৰ্তে ওলাইছে পতান ৷ শংকিত কৃষকসকল ৷

আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি

ড্ৰাগছৰ ঘাটিত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীকো। নগাঁৱত ড্ৰাগছকে ধৰি বিভিন্ন অৰাধৰ ঘাটিত এতিয়া কঁপনি তুলিছে আনন্দ মিশ্ৰৰ যোগদানে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী

অসম আৰক্ষীত বৰ্তমানে খালী হৈ থকা পদসমূহ স্বচ্ছতাৰে শীঘ্ৰে কেনেদৰে পূৰণৰ পদক্ষেপ ল'ব পৰা যায়, সেই সম্পৰ্কে আলোচনা কৰা হৈছে । আৰক্ষীৰ বদলিকৰণ তথা পোষ্টিঙৰ ক্ষেত্ৰত সম্পূৰ্ণ মেধা আৰু দক্ষতাৰ ভিত্তিত ব্যৱস্থা লোৱা হ'ব । পাঁচ বছৰৰ ভিতৰতে অসম আৰক্ষীৰ মৌলিক পৰিবৰ্তন ৰাজ্যৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব পাৰিব । এই আশ্বাস মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক সাল-সলনি

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি কৰিছে । বুধবাৰেও পুনৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰা হয় ।

বিভিন্ন আঁচনিৰ বাবে বিত্ত বিভাগৰ পুঁজি মুকলি

কণ্টেইনমেণ্ট জ'ন আৰু হোম আইচ'লেশ্যনত থকা লোকসকল তথা অন্যান্য ক'ভিড সম্পকীয় ৰোগীৰ সাহাৰ্যৰ বাবে ৪৩২১.৬ লাখ টকা মুকলি ৷

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভা

ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ক'ভিড ১৯ সন্দৰ্ভত এক পৰ্যালোচনা সভা ৷ ক'ভিড আক্ৰান্ত ৫০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে হোম আইচ’লেশ্যনৰ বিষয়ে জাৰি কৰা নতুন নিয়ম সন্দৰ্ভতো কৰিলে আলোচনা ৷

টাউতেত ক্ষতিগ্ৰস্ত গুজৰাটলৈ 1000 কোটিৰ অনুমোদন প্ৰধানমন্ত্ৰীৰ

টাউতে ঘূৰ্ণীয়ে ক্ষতিগ্ৰস্ত কৰা গুজৰাটলৈ 1000 কোটিৰ তাৎক্ষণিক আৰ্থিক সাহায্যৰ অনুমোদন ৷ আকাশমাৰ্গেৰে ক্ষয়-ক্ষতিৰ বুজ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ঘোষণা ৷ নিহতসকলৰ আত্মীয়লৈ 2 লাখ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ ক্ষতিপূৰণ ৷

70 বছৰৰ পাচত সৰ্বাধিক হ্ৰাস পালে দিল্লীৰ তাপমাত্ৰা

70 বছৰৰ পাচত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা ৷ শেহতীয়াভাৱে নেৰানেপেৰা বৰষুণ হোৱাৰ ফলতে চহৰখনত তাপমাত্ৰা সৰ্বাধিক সৰ্বনিম্ন 16.8 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক 23.8 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় ৷

ABOUT THE AUTHOR

...view details